অসম

assam

ETV Bharat / state

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ গোহাঁই গাওঁ বিহু সন্মিলন - অমৃতা গগৈ

তিনিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি ৰংচটিওৱা পথাৰত 147 সংখ্যক ঐতিহ্যমণ্ডিত গোহাঁই গাওঁ ৰঙালী বিহু সন্মিলন ৷

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ গোহাঁই গাওঁ বিহু সন্মিলন

By

Published : Apr 25, 2019, 5:11 PM IST


ধেমাজি, 25 এপ্ৰিলঃ উদুলি মুদুলি ৰংচটিওৱা পথাৰ । বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ধেমাজি ৰংচটিওৱা পথাৰত আৰম্ভ হৈছে 147 সংখ্যক ঐতিহ্যমণ্ডিত গোহাঁই গাওঁ ৰঙালী বিহু সন্মিলন । প্ৰথম দিনা পুৱা পতাকা উত্তোলন , স্মৃতি তৰ্পনৰ পিচতে স্মৃতিগ্ৰন্থ " ৰংচটিওৱা " উন্মোচন কৰে নেপকোৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক তৰুণ বৰগোঁহাইয়ে ।

আৰু পঢ়ক দেউৰীসকলৰ বিহুৰ গাঁঠি দিয়া প্ৰথা

ইয়াৰ পিচতেই ধেমাজি নগৰৰ মাজেৰে উলিয়াই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে । অন্তিম দিনা মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ , আটাছুৰ উপসভাপতি দুলাল বৰুৱা ।

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ ধেমাজিৰ গোহাঁই গাওঁ বিহু সন্মিলন

ABOUT THE AUTHOR

...view details