জোনাই ৩০ মে’ : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ মঙলবাৰে অন্তিমটো দিন (Session All Assam Bengali Youth Students Federation) ৷ এই অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Silapather) ৷ এই অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত বাঙালীসকলৰ অৰিহণাৰ এক ইতিহাস সমৃদ্ধ তথ্য দাঙি ধৰে ৷
বাঙালী বুলি সুকীয়া পৰিচয় অথবা স্বীকৃতি নিবিচাৰি বাঙালী সম্প্ৰদায়ৰ সকলোকে নিজকে অসমীয়া বঙালীৰূপে চিনাকী দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ভাষাৰ কাৰণে পাৰ্থক্য বিচৰাতকৈ বাঙালীসকলে সম্বন্বয়ৰ মাজেৰে কাম কৰি গৌৰৱী অসমীয়া জাতিৰ অংশীদাৰ হ’বলৈও তেওঁ আহ্বান জনায় ৷ লগতে তেওঁ পৃথকে পৃথকে থাকিলে আমি দুৰ্বল হ’ম বুলি মন্তব্য কৰি অসমীয়া জাতিৰ অভিন্ন অংগ হৈ সকলোকে পাৰ্থক্য নিবিচাৰি সহজভাৱে কাম কৰি যাবলৈ আহ্বান জনায় ৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী মানুহে নিজৰ মাতৃভাষাও জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাটোকো আদৰণি জনাব লাগিব আৰু সেয়ে তেওঁলোকৰ দ্বায়িত্ব অধিক বুলি কয় ৷ বঙালী এটা বৰ্ণীয় পৰিচয় নহয় বঙালী এটা ভাষিক পৰিচয়হে হ’ব লাগে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বঙালী সমাজৰ মাজত শিক্ষা, সংস্কৃতি আৰু প্ৰজ্ঞাৰ সাধনাৰে পুনৰ জীৱন্ত হৈ উঠিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷