ধেমাজি, 5 জুন :ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ পাণবাৰীত গুলীচালনাৰ ঘটনা ৷ অৰুণাচলীৰ গুলীবৰ্ষণত নিহত হয় দুজন অসমীয়া লোক ৷ নিহত লোক দুজনৰ নাম বগা চেতিয়া আৰু মন্টু গগৈ ৷ সীমান্তৱৰ্তী ভূমিত গছপুলি ৰোপনক কেন্দ্ৰ কৰি পানবাৰী এলেকাত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় অসমীয়া আৰু অৰুণাচলী লোকৰ দুটা গোটৰ মাজত (Clash in Assam Arunachal Border) ৷
কিন্তু ক্ৰমাৎ ঘটনাই সংঘাতৰ ৰূপ লয় আৰু অৰুণাচলী লোকে আক্ৰমণ চলাই অসমৰ লোককেইজনৰ ওপৰত ৷ অৰুণাচলী দলটোৱে গুলীচালনা কৰাত অসমৰ দুজনলোক গুলীবিদ্ধ হয় ৷ তাৰোপৰি চোকা অস্ত্ৰৰ আক্ৰমণত আহত হয় পুষ্প গগৈ আৰু অকনি গোঁহাই নামৰ দুজন লোক (Arunachali killed two Assamese people) ৷
উল্লেখ্য যে, বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত গছপুলি ৰোপন কৰিছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে গৈছিল লোককেইজন ৷ কিন্তু সেই সময়তে উক্ত স্থানত অৰুণাচলী লোকৰ এটা দল উপস্থিত হৈ হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷
অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি অৰুণাচলী দলটোৱে বাধা প্ৰদান কৰে গছপুলি ৰোপনত ৷ কিন্তু অসমৰ লোক কেইজনেও উভতি ধৰাত এই সংঘাতৰ সৃষ্টি হয় আৰু প্ৰাণ হেৰুৱাই অসমৰ দুজনকৈ লোকে ৷ আহত লোকদুজন বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন (Two people killed in Arunachal border) ৷