ধেমাজি, 7 ডিচেম্বৰ:অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ উদ্দেশ্যে 2021 ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ বাবে ককালত টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷ দেওবাৰে ধেমাজিৰ ভৰালীচুকত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি কৰি পৰিষদৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে মন্তব্য কৰে যে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ বাবে অসম জাতীয় পৰিষদ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ৷
তেওঁ কয় যে ৰাইজৰ সহযোগত অসম জাতীয় পৰিষদে 21 ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব ৷ এইবাৰৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে উৎখাত কৰিব বুলি মন্তব্য কৰাৰ লগতে ধেমাজিত পৰিষদে এক লাখতকৈও অধিক ভোট লাভ কৰিব বুলিও বসুমতাৰীয়ে মন্তব্য কৰে ৷