জোনাই, 30 জানুৱাৰী: অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ধেমাজি জিলাৰ জোনাই মহকুমাতো শনিবাৰে জোনাই ৰাজহ চক্ৰত মহকুমা প্ৰশাসনৰ উদ্যোগত ভূমিহীন লোকৰ মাজত ভূমি পট্টা বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷
জোনাই ৰাজহ চক্ৰত জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ভূমি পট্টা বিতৰণৰ এই অনুষ্ঠানত জোনাই সমষ্টিৰ বিধায়ক ভূৱণ পেগু, জোনাইৰ ৰাজহ চক্ৰ বিষয়া লম্বিত হাজৰিকাৰ লগতে ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থকে ৷
জোনাইত ভূমি পট্টা বিতৰণ বিধায়ক ভূৱণ পেগুৰ জোনাই মহকুমাৰ অন্তৰ্গত মুঠ ১,৩৩৯ জন ভূমিহীন লোকৰ ভিতৰত আজি ৮০৭ জন ভূমিহীন লোক সকলক আনুষ্ঠানিকভাবে ম্যাদী পট্টাৰ লগতে একোখন কৈ আৱন্টন পত্ৰও প্ৰদান কৰে ৷ ইফালে আগন্তুক দিনত উক্ত মহকুমাটোৰ অন্তৰ্গত সকলো ভূমিহীন লোককে কম দিনৰ ভিতৰতে ভূমি পট্টা বিতৰণ কৰিব বুলি জোনাই সমষ্টিৰ বিধায়ক ভূৱণ পেগুৱে মন্তব্য কৰে ৷ তাৰোপৰি জোনাই মহকুহমাটোৰ অন্তৰ্গত যি সকল বেচৰকাৰী গাঁওবুঢ়া আছে তেওঁলোককো চৰকাৰৰ তৰফৰ পৰা অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক পেগুৱে ৷ ইফালে ভূমিহীন লোক সকলে আজি এই ভূমি পট্টা লাভ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনায় ৷
লগতে পঢ়ক-73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও