অসম

assam

ETV Bharat / state

মাত্ৰ ২ দিনত আৰম্ভ ১১৯ খন হাইস্কুল স্থাপনৰ কাম: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অহা ১ আৰু ২ নৱেম্বৰত চাহ বাগিছা অঞ্চলত ১১৯ খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম আৰম্ভ হ'ব: শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ধেমাজিত বি জে পিৰ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভাত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

By

Published : Oct 30, 2020, 10:41 AM IST

মাত্ৰ ২ দিনত আৰম্ভ ১১৯ খন হাইস্কুল স্থাপনৰ কাম: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মাত্ৰ ২ দিনত আৰম্ভ ১১৯ খন হাইস্কুল স্থাপনৰ কাম: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ধেমাজি, ৩০ অক্টোবৰ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে উন্নয়নমূলক কাম আৰম্ভ কৰাৰ ঘোষণা কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক নেতাৰ সভা। বাগিছা অঞ্চলত দুদিনৰ ভিতৰত ১১৯ খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

ধেমাজিত অনুষ্ঠিত হোৱা বি জে পিৰ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, 'বি জে পি শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰে ৰাজ্যত নতুন ইতিহাস ৰচনা কৰিবলৈ গৈ আছে ৷ কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকৰ ভোট লৈ তেওঁলোকক কেৱল প্ৰৱঞ্চনা কৰিলে। বি জে পি চৰকাৰে অহা ১ আৰু ২ নৱেম্বৰত দুদিনৰ ভিতৰত চাহ বাগিছা অঞ্চলত ১১৯ খন হাইস্কুল স্থাপনৰ কাম আৰম্ভ কৰিব।'

বৃহস্পতিবাৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ OBC মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰি চৰকাৰখনৰ বহুকেইখন অভিলাষী আঁচনি আৰু উন্নয়নমূলক কাম-কাজৰ ওপৰত বিস্তৃত বক্তব্য আগবঢ়ায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



লগতে পঢ়ক:ৰাষ্ট্ৰীয় ঘাইপথৰ বহলিকৰণে বিপাঙত পেলাইছে টিংখাঙবাসীক

ABOUT THE AUTHOR

...view details