ধেমাজি, ৯ নৱেম্বৰ: টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই অহাৰ পিছতো ৰাজ্য চৰকাৰে এই বিষয়ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো চৰকাৰৰ সঁহাৰি লাভ নকৰাত অৱশেষত জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদান প্ৰদানৰ বাবে সময়সীমা ধাৰ্য কৰিলে টাই আহোম যুৱ পৰিষদে। সোমবাৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে ধেমাজিত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।
জনজাতিৰ মৰ্যাদা দিবলৈ চৰকাৰক সময়সীমা টাই আহোম যুৱ পৰিষদৰ
টাই আহোমক জনজাতিকৰণ কৰা আৰু স্বায়ত্ব শাসন প্ৰদান প্ৰদানৰ দাবী টাই আহোম যুৱ পৰিষদৰ। এই দাবী পূৰণৰ বাবে ৰাজ্য চৰকাৰক ২০২০ চনৰ ২৬ জানুৱাৰীৰ সময়সীমা ধাৰ্য কৰি দিলে সংগঠনটোৱে। ধেমাজিত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা কেইবাটাও প্ৰস্তাৱৰ বিষয়ে প্ৰকাশ কৰে।
সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে কয় যে, যোৱা ৮ নৱেম্বৰত ধেমাজি লায়ন্স ক্লাবত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এক প্ৰস্তাৱযোগে অহা বছৰ ২৬ জানুৱাৰীৰ পূৰ্বে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাৱা হৈছে। অন্যথা প্ৰতিখন জিলাৰ সদৰত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই।
লগতে পঢ়ক:ৰঙাপৰাত অব্যাহত আছে হাতী মানুহৰ সংঘাত