ধেমাজি, ২৬ অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিতো বিজয়া দশমীত বিদায় দিয়া হৈছে দেৱী দুৰ্গাক। ধেমাজি জিলা প্ৰশাসনৰ তত্পৰতাত তেলিজান নদীত সোমবাৰে দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়৷
ধেমাজিৰ তেলিজান নদীৰ ঘাটত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন - শাৰদীয়
শাৰদীয় দুৰ্গোৎসৱৰ আজি বিজয়া দশমী। ধেমাজি প্ৰতিমা বিসৰ্জন কাৰ্যসূচী সুকলমে সম্পন্ন। তেলিজান নদীত বিসৰ্জন দিয়া হৈছে ৪ খন মণ্ডপৰ দেৱী প্ৰতিমা।
ধেমাজিৰ তেলিজান নদীৰ ঘাটত দুৰ্গাৰ প্ৰতিমা বিসৰ্জন
এই কাৰ্যসূচীত যাতে কোনো অঘটন ঘটিব নোৱাৰে তাৰ বাবে এন ডি আৰ এফ বাহিনী,আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে ৷ ধেমাজি সদৰৰ ৪টা স্থানৰ পৰা দেৱীৰ প্ৰতিমা আনি তেলিজান নদীত বিসৰ্জন দিয়া হৈছে ৷
লগতে পঢ়ক:চুণচালিৰ জয়পুৰ ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী