অসম

assam

By

Published : Nov 18, 2020, 4:10 PM IST

ETV Bharat / state

ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ

ধেমাজিৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ কাংকান চাপৰিত থকা অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিৰ্মাণকাৰ্যত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ। ঠিকাদাৰৰ কামত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ
ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ

ধেমাজি, ১৮ নৱেম্বৰ: অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত আসোঁৱাহপূৰ্ণ হোৱাক লৈ ক্ষুদ্ধ হৈ পৰিছে ধেমাজিৰ কাংকান চাপৰিবাসী। ৰাইজৰ অভিযোগ মতে, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ কাংকান চাপৰিত থকা অংগনৱাড়ী কেন্দ্ৰটোৰ মেৰামতিৰ কামত ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। গৃহটোৰ দুৱাৰ-খিৰিকীত পুৰণি আৰু নিম্ন মানৰ পেলনীয়া কাঠ ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে ৰাইজে।

ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ

নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত অচিৰেই গৃহটো বিধ্বস্ত ৰূপ লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত ঠিকাদাৰে এইদৰে অনিয়ম সংঘটিত কৰাৰ সাহস পাইছে বুলি অভিযোগ তুলিছে ৰাইজে। আঁচনিমতে অংগনৱাড়ী কেন্দ্ৰটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে কাংকান চাপৰিবাসীয়ে।

ধেমাজিত অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ কামত অনিয়মৰ অভিযোগ

উল্লেখ্য যে, চলিত বছৰৰ যোৱা ১১ জুলাইতে ধেমাজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডত কাংকান চাপৰিত থকা এই অংগনৱাড়ী কেন্দ্ৰটো মেৰামতি কৰিবলৈ ১৪ ফাইনেন্স কমিছনে ৪ লাখ টকা আবণ্টন দিছিল। ইয়াৰ শিলান্যাস কৰিছিল ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে। কিন্তু নিৰ্মাণ কাৰ্যত হোৱা বিসংগতিৰ বাবে এতিয়া ক্ষুদ্ধ হৈ পৰিছে স্থানীয় লোকসকল।


লগতে পঢ়ক:বজালীৰ কেন্দুগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details