অসম

assam

By

Published : Jan 3, 2023, 10:43 AM IST

ETV Bharat / state

Electricity Department negligence : অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । অৰুণাচল বিদ্যু বিভাগৰ কেইবাটাও বিদ্যুতৰ খুঁটা বিপদসংকুল অৱস্থাত আছে (Arunachal Electricity Department negligence)। খুঁটা কেইটা মেৰামতি বা নতুনকৈ স্থাপন নকৰাৰ ফলত মানুহ আৰু পবা বনাঞ্চলৰ জীৱ-জন্তুৰ প্ৰতি আহিছে ভাবুকি ।

Electricity Department negligence
অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

অসমৰ ভূমিত অৰুণাচল বিদ্যুৎ বিভাগৰ মৰণ ফান্দ

জোনাই,৩ জানুৱাৰী :অসম-অৰুণাচল সীমান্তৰ জোনাইৰ পবা বনাঞ্চলত অৰুণাচল বিদ্যুৎ বিভাগে পাতিছে মানুহ আৰু আন আন জীৱ-জন্তুৰ মৰণ ফান্দ (Arunachal Electricity Department negligence)। ৩৩ কে.ভি পৰিবাহী বিদ্যুতৰ খুঁটা ভাঙি বিদ্যুৎস্পৃষ্ট হৈ যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । অভিযোগৰ পাছতো কোনো গুৰুত্ব নাই বিদ্যুৎ বিভাগৰ ।

জানিব পৰা মতে অৰুণাচল বিদ্যুৎ বিভাগে অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত লাগি থকা জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ মাজেৰে ৩৩ কে.ভি বিদ্যুৎ পৰিবাহী তাঁৰ ৰুকচিনৰ পৰা পাচিঘাটলৈ সংস্থাপন কৰিছে । কিন্তু এই ক্ষেত্ৰত অৰুণাচল বিদ্যুৎ বিভাগৰ চৰম হেমাহি দেখিবলৈ পোৱা গৈছে । পবা বনাঞ্চলৰ লেকু বিটৰ পৰা পুৰণা জেলেমলৈ বিদ্যুৎ পৰিবাহী তাঁৰৰ কেইবাটাও বিদ্যুতৰ খুঁটা দীর্ঘদিন ধৰি কোনোধৰণৰ মেৰামতি নকৰাত মামৰে খাই দুৰ্বল হৈ পৰিছে ।

ইয়াৰে কেইবাটাও খুঁটা ভাঙি আছে । কিন্তু কোনো ভ্ৰূক্ষেপ নাই অৰুণাচল বিদ্যুৎ বিভাগৰ লগতে জোনাই মহকুমা প্রশাসনৰ । ফলত দুৰ্বল আৰু ভগা বিদ্যুতৰ খুঁটাবোৰ যিকোনো মুহূৰ্তত ঘাইপথৰ ওপৰত ভাগৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা মানুহৰ লগতে বনাঞ্চলখনৰ জীৱ-জন্তু বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা কৰা হৈছে (Death trap Arunachal Electricity Department)। এনে এক পৰিস্থিতিত সীমান্তত থকা জোনাইৰ কেমি, ঐৰামঘাট, পুৰণা জেলেম আদি গাঁৱৰ ৰাইজৰ লগতে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক অহা-যোৱা কৰা অসম-অৰুণাচলৰ ৰাইজ শংকিত হৈ পৰিছে । উক্ত পথেৰে অতি সাৱধানে পাৰ হ'বলগীয়া হৈছে পথচাৰীসকল (Threat to animals in the Poba forest area)।

স্থানীয় ৰাইজে এই ক্ষেত্ৰত বহুবাৰ অভিযোগ উত্থাপন কৰিছে । কিন্তু অৰুণাচলৰ বিদ্যুৎ বিভাগ লগতে জোনাই প্ৰশাসনে এতিয়ালৈ কোনো পদক্ষেপ লোৱা নাই (Electricity Department negligence)। খুঁটাবোৰ মেৰামতি আৰু নতুনকৈ স্থাপন নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকলে ।

ইফালে অসমৰ ভূমিত এনেদৰে অৰুণাচলে মৰণ ফান্দ পতাক লৈও শংকিত হৈ পৰিছে ৰাইজ । অতি শীঘ্ৰে খুঁটাবোৰ নতুনকৈ স্থাপন কৰিবলৈ দাবী জনাইছে ৰাইজে । আনহাতে অসমৰ ভূমিৰ পৰিৱৰ্তে অৰুণাচলৰ ভূমিৰে উক্ত বিদ্যুৎ পৰিবাহী তাৰ লৈ যোৱাৰ বাবেও অৰুণাচল প্ৰদেশৰ বিদ্যুৎ বিভাগক দাবী জনাইছে ৰাইজে ।

বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে তেওঁলোকেও শীৰ্ষ মহলত বিষয়টো উত্থাপন কৰিছে । কিন্তু এতিয়ালৈ শীৰ্ষ মহলৰ পৰা খুঁটাবোৰ মেৰামতি বা নতুনকৈ স্থাপনৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা অহা নাই ।

লগতে পঢ়ক :Road accident at Teok : লক্ষীবাৰীৰ পথ দুৰ্ঘটনাত নিহত এজন

For All Latest Updates

ABOUT THE AUTHOR

...view details