অসম

assam

ETV Bharat / state

স্বদেশ প্ৰেমৰ গীতেৰে "CAA" ৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ - ধেমাজিৰ শিল্পী সমাজৰ দেশ প্ৰেমমূলক কালজয়ী গীতেৰে ৰাইজৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সভা

দেশ প্ৰেমমূলক কালজয়ী গীতেৰে ৰাইজৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সভা ধেমাজিৰ শিল্পী সমাজৰ ৷

Artist protest against CAA at Dhemaji
স্বদেশ প্ৰেমৰ গীতেৰে "CAA" ৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ

By

Published : Dec 26, 2019, 9:23 PM IST

ধেমাজি, ২৬ ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ এই বিধেয়ক খন বাতিলৰ দাবীৰে ৰাজ্যৰ সকলো জিলাতে বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে স্বতঃফুতভাৱে ৰাজপথলৈ উলাই আহিছে হাজাৰ হাজাৰ জনতা ৷

স্বদেশ প্ৰেমৰ গীতেৰে "CAA" ৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ

বৃহস্পতিবাৰে এই আইন খনৰ বিৰোধিতাৰে ধেমাজিৰ বৰদলনিত আছু, যুৱছাত্ৰ পৰিষদ,আটাছু আৰু ধেমাজি জিলা শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল সজাগতা সভা ৷ উক্ত সভাত ধাৰাবাহিকভাৱে দেশ প্ৰেমমূলক কালজয়ী গীতে মাতে ৰাইজৰ মাজত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰে ধেমাজিৰ শিল্পী সমাজে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details