ধেমাজি, 16 জুলাই : ধেমাজি কাৰাগাৰত পুৰুষ কাৰাবন্দীক যৌন নিৰ্যাতনৰ নিকৃষ্ট কাণ্ড ৷ যৌন নিৰ্যাতনৰ অভিযোগত খোদ কাৰাগাৰৰ আলহী হ’ল ধেমাজিৰ কাৰাগাৰৰ জেইলাৰ ৷ অভিযোগ মতে,ধেমাজি কাৰাগাৰত দীৰ্ঘদিন ধৰি জেইলাৰ দুলাল দাসে পুৰুষ কাৰাবন্দীক চলাই আহিছিল যৌন নিৰ্যাতন ৷
এই বিষয় সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে পৰিয়ালক অৱগত কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷ উল্লেখ্য যে,ঘটনা সংঘটিত হোৱা চিলাপথাৰ 1নং খনামুখৰ গোমন মগৰৰ পুত্ৰ টিংকু মগৰ (24) যোৱা চাৰিটা বছৰে ধেমাজি কাৰাগাৰত কাৰাবাস খাটি আছে ৷ অভিযোগ মতে,কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভনত জেইলাৰ দুলাল দাসে দীৰ্ঘদিনৰ পৰাই কাৰাবন্দী যুৱকৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল ৷ লগতে বলপূৰ্বক ভাৱে সেৱন কৰোৱাই ড্ৰাগছ-ভাঙৰ দৰে মাৰাত্মক নিচা জাতীয় সামগ্ৰী ৷
দীৰ্ঘদিনৰ পৰা চলা অত্যাচাৰত শাৰীৰিক ভাৱে অসুস্থ হৈ যুৱক জনে আত্মহত্যা কৰিব বুলিও ফোনযোগে মাতৃক অৱগত কৰে ৷ কিন্তু ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে যুৱকজনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাও এতিয়া এক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে |