জোনাই, 3 ফেব্ৰুৱাৰী :জোনাইত আজি ভাৰতীয় সেনাই কেবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ কিতাপ-বহী লগতে নানা আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷ স্থলসেনাৰ অপাৰেশ্বন সদ্ভাৱনাৰ অধীনত এই কাৰ্যসূচী জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰে ৷
লগতে পঢ়ক :ধেমাজিত ভাৰতীয় সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ
মহকুমাটোৰ 6খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহী, স্কুল বেগ, White board, চাৰ্ট আদি নানা উপযোগী সমাগ্ৰী বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক বিতৰণ কৰে স্থলসেনাই ৷
জোনাইত স্থলসেনাৰ অপাৰেশ্বন সদ্ভাৱনাৰ অধীনত সামগ্ৰী বিতৰণ এই কাৰ্যসূচীত ভাৰতীয় স্থলসেনাৰ শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ কামাণ্ডিং অফিচাৰ কৰ্নেল ৰাহুল প্ৰতাপ সিং, জোনাইৰ মহকুমাধিপতি জিমলী শইকীয়া, কেপ্তেইন আশতোষ শ্ৰীবাস্তৱ, মেজৰ ধৰ্মেন্দ্ৰ সিং আদি কৰি কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে ৷
লগতে পঢ়ক :অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য