অসম

assam

ETV Bharat / state

জোনাইত কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ - মকল বাঁহ ৰোপন

জোনাইত উপস্থিত হৈ পবা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন(Poba Reserve Forest) অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ ৷ পবা বনাঞ্চলৰ খহনীয়া ৰোধ কৰাৰ বাবে বন বিভাগ তথা ৰাইজক মকল বাঁহ ৰোপনৰ পৰামৰ্শ অৰণ্যমানৱৰ ৷ পৰিবেশ বিষয়ক পাঠ্যক্ৰম প্ৰাথমিক বিদ্যালয়ত অন্তৰ্ভূক্ত কৰি ইয়াৰ বাবে নিৰ্দিষ্ট শিক্ষক নিয়োগ কৰিবলৈ যাদৱ পায়েঙৰ আহ্বান চৰকাৰক (Aranya Manab Padmashree Jadav Payeng ) ৷

Aranya Manab Padmashree Jadav Payeng Visit Poba Reserve Forest
জোনাইত কেবাটাও কাৰ্যসূচী অংশগ্ৰহণ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ

By

Published : Sep 2, 2022, 6:37 PM IST

জোনাই ২ ছেপ্টেম্বৰ: অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় জোনাইত ৷ জোনাই বালিকা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আয়োজন কৰা এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্বখ্যাত অৰণ্য মানৱ যাদৱ পায়েঙে ৷ জোনাই মহকুমাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী তথা শিক্ষক উপস্থিত থকা মতবিনিময় অনুষ্ঠানত অৰণ্য মানৱজনে বৰ্তমান সময়ত পৰিবেশ সংৰক্ষণ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে ৷

জোনাইত কেবাটাও কাৰ্যসূচী অংশগ্ৰহণ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ

বিশ্বৰ বিভিন্ন দেশত অৰণ্য মানৱজনে পোৱা অভিজ্ঞতা বিষয়েও ছাত্ৰ-ছাত্ৰীসকলৰ আগত উল্লেখ কৰে ৷ উক্ত মত বিনিময় অনুষ্ঠানত অৰণ্য মানৱে ছাত্ৰ-ছাত্ৰীসকলৰ বহু কথাৰ উত্তৰ দিয়ে ৷ ইয়াৰ পিছতে অৰণ্য মানৱ যাদৱ পায়েং পবা সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ বনাঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰি ইয়াক ৰোধ কৰাৰ বাবে বন বিভাগ তথা ৰাইজক মকল বাঁহ ৰোপন কৰিবলৈ পৰামৰ্শ দিয়ে(Jadav Payeng Visit Poba Reserve Forest) ৷ জোনাইত বিভিন্ন কাৰ্যসূচীত অংশলৈ অৰণ্য মানৱজনে চৰকাৰক পৰিবেশ বিষয়ক পাঠ্যক্ৰম প্ৰাথমিক বিদ্যালয়ৰ ৰূপায়ন কৰি ইয়াৰ বাবে নিৰ্দিষ্ট শিক্ষক নিয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক:বৰচলাত উচ্ছেদৰ বাবে বৃহৎসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ

ABOUT THE AUTHOR

...view details