জোনাই, ১৬ অক্টোবৰ :সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত সাংগঠনিক ভেঁটি মজবুত কৰাত তৎপৰ হোৱা দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছক । চাঙে চাঙে কংগ্ৰেছৰ বিশাল সভাৰ দেওবাৰে দ্বিতীয় দিনা ধেমাজিৰ নতুন চিচিবৰগাঁও বিধানসভা সমষ্টিত ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচীত দেখা গ’ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি । চিচিবৰগাঁও সমষ্টিৰ আমগুৰি নাহৰণী কুলি গাঁৱত বিশাল সভাত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰে উন্নয়নৰ নামত জনজাতি ৰাইজৰ লগত কৰা বঞ্চনা কৰাৰ উপৰিও অৰুণোদয়, পি এম এৱাই জি আঁচনিৰ পৰা জনজাতীয় মহিলাৰ নাম কৰ্তন কৰাৰ অভিযোগ তোলে ।
‘উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপিৰ এই চৰকাৰখনৰ মন্ত্ৰী বিধায়ক ডা: ৰণোজ পেগু, ভুৱন পেগুৱে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছে ৷ সমষ্টিৰ উন্নয়ন, জনজাতি ৰাইজৰ বাবে একো কৰা নাই’, এইবুলি ক্ষুৰধাৰ সমালোচনা কৰে সভাপতি ভূপেন বৰাই । ইফালে শনিবাৰে জোনাই সমষ্টিত চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচীত মিচিং জাতিৰ স্বাভিমানস্বৰূপ ৰিবি গাচেঙক ভৰিৰে গচকি চূড়ান্ত অপমান কৰা বুলি সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক ট্ৰ’ল কৰা হৈছে ৷