ধেমাজি, 2 মে’ :সোমবাৰে ধেমাজিত অনুষ্ঠিত হয় সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ বাৰ্ষিক অধিৱেশন ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন ৷ মণ্ডলসকলক উদ্দেশ্য ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ বাৰ্ষিক অধিৱেশনত মণ্ডলসকলৰ ফাঁকি নচলিব, বদনাম লৈ নহয় সদনাম লৈ জীয়াই থাকক বুলি সকিয়নী প্ৰদান কৰে ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ অনভিজ্ঞ একাংশ মণ্ডলে নকৰিবলগীয়া কাম কৰে বুলিও কয় (All Assam Zonal Kannogo Association) ৷
এতিয়াৰে পৰা মণ্ডলসকল নীতি নিয়মৰ পৰা অলপো বিচলিত হ’ব নোৱাৰিব বুলি উল্লেখ কৰি দুৰ্নীতি, ফাঁকি নচলিব বুলি কয় ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, জাতি মাটি আৰু ভেঁটি সুৰক্ষিত কৰাত লাট মণ্ডল আৰু গাঁও প্ৰধানৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷ সেইবাবে মণ্ডলৰ চাকৰিত ক্ষেত্ৰত চৰকাৰে কেতবোৰ সংস্কাৰ আনিছে বুলি তেওঁ কয় ৷ এতিয়াৰে পৰা মণ্ডলৰ চাকৰিত গণিত অথবা পৰিসংখ্যা বিষয়ৰ প্ৰয়োজন হোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত বিজ্ঞান বিষয়ত পঞ্চাশ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব বুলি কয় (Revenue Minister Jogen Mohan) ৷
মন্ত্ৰী মহনে কয় যে, মণ্ডলসকলক পদোন্নতিৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি অসমৰ ২৬ টা ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয় সংযুক্ত কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হ’ব ৷ ইয়াত এগৰাকী অতিৰিক্ত উপায়ুক্ত, কোষাগাৰ, ৰাজহ বিষয়াকে ধৰি এটা স্বয়ংসম্পূৰ্ণ কাৰ্যালয় থাকিব ৷ সেইদৰে মিছন বসুন্ধৰা :2 কাম কাজৰ সম্পৰ্কতো বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷