অসম

assam

ETV Bharat / state

উত্তেজিত গ্ৰাহকে লণ্ড-ভণ্ড কৰিলে 'অসম বহুমুখি সমবায় সমিতি'ৰ কাৰ্যালয় - জোনাি অসম বহুমুখি সমবায় সমিতিৰ কাৰ্যালয় লণ্ড ভণ্ড

ধেমাজি জিলাৰ জোনাইত অসম বহুমুখি সমবায় সমিতি নামৰ প্ৰতিষ্ঠানত গ্ৰাহকে চলালে লংকাকাণ্ড ৷ গ্ৰাহকৰ মেচিউৰিটি হোৱা জমা ধন ঘূৰাই নিদিয়াৰ বাবে উত্তেজিত হৈ প্ৰতিষ্ঠানটোৰ কাউন্টাৰৰ চকী, টেবুল, গ্লাছ, কম্পিউটাৰৰ লগতে আচবাব ভাঙি লণ্ড ভণ্ড কৰে গ্ৰাহকসকলে ৷

জোনাইত প্ৰাপ্ত ধন নাপাই কাৰ্যালয়ত উৎপাত ৰাইজৰ

By

Published : Oct 23, 2019, 10:12 AM IST

জোনাই, 23 অক্টোবৰঃধেমাজি জিলাৰ জোনাইত অসম বহুমুখি সমবায় সমিতি নামৰ প্ৰতিষ্ঠানৰ গ্ৰাহকে কৰিলে লংকা কাণ্ড ৷ জোনাইৰ গান্ধী ৰোড স্থিত অসম বহুমুখি সমবায় সমিতি নামৰ প্ৰতিষ্ঠানত মংগলবাৰে প্ৰায় অৰ্ধশতাধিক গ্ৰাহকে মেচিউৰিটি হোৱা জমা ধন ঘূৰাই নিদিয়াৰ বাবে উত্তেজিত হৈ প্ৰতিষ্ঠানটোৰ কাউন্টাৰৰ চকী, টেবুল, গ্লাছ, কম্পিউটাৰৰ লগতে আচবাব ভাঙি লণ্ড ভণ্ড কৰে ৷ গ্ৰাহকসকলৰ এনে উগ্ৰ মূৰ্তি দেখি প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে কাৰ্যালয় এৰি পলায়ন কৰে ৷

জোনাইত অসম বহুমুখি সমবায় সমিতি কাৰ্যালয় লণ্ড ভণ্ড

ঘটনা অনুসৰি প্ৰায় দুই সহস্ৰাধিক গ্ৰাহক থকা জোনাই শাখাৰ অসম বহুমুখি সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালক গৰাকীয়ে আজি দিম, কালি দিম বুলি গ্ৰাহকক মাহ মাহ ধৰি ঠগি অহাত অৱশেষত মংগলবাৰে উত্তেজিত গ্ৰাহকসকলে প্ৰতিষ্ঠানটোত আক্ৰমণ চলাই আচবাব ভাঙি লণ্ড ভণ্ড কৰে ৷ গ্ৰাহকৰ অভিযোগমতে প্ৰতিষ্ঠানটোৰ পৰিচালক গৰাকীক গ্ৰাহকে বিচাৰি আহিলেও লগপাবলৈ সক্ষম নহয় ৷

আনহাতে, মহকুমাটোৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ দুখীয়া ৰাইজে নিজা কষ্টোপাৰ্জিত জমা ধন মেছুৰিটি পিচটো ঘূৰাই নোপোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গ্ৰাহকৰ মাজত |

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details