জোনাই, 14মাৰ্চ: এখন জেইল !এই জেইলখন আছে ধেমাজি জিলাৰ জোনাইস্থিত ৩ নং মুৰ্কংচেলকত ৷ বিগত 30 বছৰে কয়দীবিহীন জেইলখনত এতিয়া নিতৌ চলে মদ, জুৱাৰ লগতে অসামাজিক কাৰ্যকলাপ আৰু বেপেৰুৱা আড্ডা ৷ অসম চৰকাৰৰ চৰম অৱহেলাৰ ফলতেই যোৱা প্ৰায় ৩০ বছৰে এনেকৈয়ে পৰিতক্ত অৱস্থাতে পৰি আছে জোনাইৰ ৩ নং মুৰ্কংচেলকত থকা এই জেইলখন ৷ ৩০ বছৰ পূৰ্বে চৰকাৰৰ কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জেইলখন চৰকাৰৰ চৰম হেমাহিৰ ফলতেই আজি পৰিণত হ'ল ভূত বঙলালৈ ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, প্ৰায় ৫২ বিঘা ভূমি আগুৰি থকা এই জেইলখন বিগত ৩০ টা বছৰে ব্যৱহাৰ তথা মেৰামতিৰ অভাৱত জহি খহি পৰিত্যক্ত হৈ ৰৈছে ৷ বৃহৎ জেইলখনৰ দুৱাৰ খিৰিকী, দেৱাল, মজিয়া আদি জহি খহি ক্ৰমাৎ পৰিণত হৈছে ধ্বংসস্তুপলৈ ৷ ইয়াৰ সুবিধা লৈ এচাম উদণ্ড যুৱকে এতিয়া মদ, জুৱাৰ লগতে বিভিন্ন অসমাজিক কাৰ্যকলাপৰ ঘাটি হিচাপে বাচি লৈছে এই জেইলখন ৷