ধেমাজি, 19 মে’ : দেশজুৰি কৰ’ণা মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তেই ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্য ধেমাজিৰ নলনিপাম পুথিভঁৰাল আৰু যুৱক সংঘৰ সৌজন্যত বুধবাৰে সাত লাখ টকা ব্যয় সাপেক্ষে 'ৰাইজৰ সেৱাৰ্থে' নামেৰ এক বিনামূলীয়া এম্বুলেন্স সেৱা আগবাঢ়োৱা হয় ৷ নলনিপাম যুৱক সংঘৰ চৌহদত বহা খুচুৰা ব্যবসায়ী সকলৰ পৰা সংগৃহীত মাহেকীয়া ধনেৰে এই এম্বুলেন্সখন ক্ৰয় কৰি বৰ্তমানৰ কৰ’ণা মহামাৰী সৃষ্ট পৰিস্থিতিত যুৱক সংঘই ৰাইজক ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ এম্বুলেন্স সেৱা মুকলি কৰিছে ৷
বিশেষ কৈ ধেমাজি সদৰৰ পৰা আপাতকালীনভাৱে ধেমাজি অসামৰিক চিকিৎসালয়লৈ যাৱলগীয়া হ’লেও এই সেৱা লাভ কৰিব বুলি জানিব দিয়ে নলনিপাম যুৱক সংঘৰ বিষয়ববীয়া সকলে ৷ কৰ’ণা মহামাৰীৰ এই ভয়াৱহ সময়ছোৱাত ধেমাজিত যুৱক সংঘৰ এনে মহানুভৱতাক নিঃসন্দেহে এক প্ৰশংসনীয় পদক্ষেপ বুলি এতিয়া শলাগ লৈছে চহৰখনৰ সচেতন মহলে ৷