জোনাই,১৪ নৱেম্বৰ:জোনাই মহকুমাৰ অন্যতম শিক্ষানুষ্ঠান ১৯৭৯ চনতে স্থাপন হোৱা জোনাই ফ্ৰন্সিলিয়ান(Jonai fransalian High School) হাইস্কুলত যোৱা ১২ নৱেম্বৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আজি সফল সামৰণি পৰে(Alumni meet concludes in Jonai) ৷ উক্ত সন্মিলনৰ লগত সংগতি ৰাখি ফুটবল ভলীবলকে আদি কৰি বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা আয়োজন কৰা হয় ।
লগতে জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত চাফাই অভিযান অনুষ্ঠিত কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্রীসকলে ৷ ইয়াৰ পিছতে দিনৰ ৩ বজাৰ পৰা মুকলি সভাৰ আয়োজন কৰা হয় ৷ মুকলি সভাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে আমন্ত্ৰিত অতিথিক সম্বৰ্ধনা অনুষ্ঠানত ক্যাৰাটে প্ৰদৰ্শন আৰু মিছিং, নেপালীকে ধৰি বিভিন্ন আধুনিক নৃত্য়ৰে মুখৰিত কৰি তোলে মুকলি সভা ৷