জোনাই, 1 অক্টোবৰ : ক'ৰণাৰ আতংক আৰু বানৰ বিভীষিকাৰ মাজতে সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুখীয়া ৰাইজৰ বাবে দিয়া চাউল আত্মসাৎ কৰাৰ অভিযোগ ৷ জোনাই লংলুঙ গাঁৱৰ বাসিন্দা সকলৰ অভিযোগ মতে জোনাইত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ হাতত ৰেচন কাৰ্ড লৈ এই অনিয়মৰ প্ৰতিবাদ জনাই ৰাইজে অভিযোগ কৰে যে, সুলভ মূল্যৰ দোকানী দেৱকান্ত পেগুয়ে হিতাধিকাৰী বাবে অনা চাউল ৰাইজৰ মাজত বিতৰণ নকৰি গোপনে আত্মসাতৰ চেষ্টা কৰিছে ৷
জোনাইত সুলভ মূল্যৰ চাউল আত্মসাতৰ অভিযোগ
জোনাইত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ ৷ হিতাধিকাৰীৰ বাবে অনা চাউল বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷ জোনাইৰ লংলুঙ গাঁৱৰ ৰাইজৰ এই অভিযোগ ৷ অনিয়মৰ প্ৰতিবাদ জনাই হাতত ৰেচন কাৰ্ড লৈ প্ৰতিবাদ ৷
এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি গাঁওখনৰ ৰাইজে অভিযোগ কৰে, দোকানীজনে আগষ্ট মাহত দুবাৰকৈ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগে; কিন্তু দোকানী জনে মাত্ৰ এবাৰ চাউল বিতৰণ কৰিয়ে দায়িত্ব সামৰি থৈছে ৷ দোকানী পেগুৰ বিৰুদ্ধে ৰাইজে পাব লগা চাউল বিচৰাত নানান অজুহাত দেখুওৱাৰ ওপৰিও অভব্য আচৰণ কৰাৰো অভিযোগ ৷ নতুন ৰেচন কাৰ্ড বনোৱাৰ নামত প্ৰতিজন হিতাধিকাৰীৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ তুলি দোকানী দেৱকান্ত পেগুৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাই ৷ ইফালে দোকানী গৰাকীৰ এনে মইমতালিৰ বিৰুদ্ধে জোনাই অসামৰিক যোগান বিভাগক অভিযোগ কৰাৰ পাছতো বিভাগটোৱে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলি লংলুঙবাসী ক্ষোভিত হৈ পৰে ৷
লগতে পঢ়ক:আঁচনি হ'ল,কামতহে নহ'ল ; খাবলৈ নাই বিশুদ্ধ খোৱাপানী