জোনাই, ২১ জানুৱাৰী :আকৌ দুৰ্নীতিৰ প্ৰসংগ ৷ দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সকিয়নীৰ পাচতো যেন নাকী লগাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক (Corruption in Govt scheme)৷ এইবাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে জোনাইৰ কেমি জেলম গাঁৱ পঞ্চায়তত ৷
অভিযোগ অনুসৰি, জোনাই মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেমি জেলম গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে (Corruption in PMAY scheme) ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে ।
কিয়নো যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Assam govt zero tolerance against corruption), সেই সময়তে জোনাইত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত প্ৰতিছবি ।