সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সৰৱ দল - সংগঠন - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
পুনৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন । যিকোনো মূল্যৰ বিনিময়ত এই নিৰ্মাণ কাৰ্য প্ৰতিহত কৰিবৰ বাবে ছাত্ৰ পৰিষদৰ সদস্যসকল সাজু আছে বুলি দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই ।

ধেমাজি, ৭ জুন: ধাৰাবাহিক প্ৰতিবাদৰ ফলস্বৰূপে ২০১১ চনৰ পৰা বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ হ'ব বুলি অৰুণাচল প্ৰদেশৰ বিধানসভাত ৰাজ্যপাল বি ডি মিশ্ৰই মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল - সংগঠন । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই । ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ মেৰামতিৰ গইনা লৈ এন এইছ পি চিয়ে চল - চাতুৰীৰে পুনৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিব বিচৰা কাৰ্যক সকীয়াই দিছে সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।