অসম

assam

ETV Bharat / state

প্ৰাণৰ উৎসৱ লৃগাংঙক লৈ পাৰভঙা উছাহ জোনাইত - উৎসৱমুখৰ পৰিবেশ

আজি মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ ফাগুনৰ প্ৰথমটো বুধবাৰত পালন কৰে লৃগাং ৷ লৃগাংক লৈ পাৰভঙা উছাহ ধেমাজি জিলাৰ জোনাইত ৷

ali-ai-ligang-celebrate-in-jonai
প্ৰাণৰ উৎসৱ লৃগাংঙক লৈ পাৰভঙা উছাহ জোনাইত

By

Published : Feb 17, 2021, 6:38 PM IST

জোনাই, 17 ফেব্ৰুৱাৰী :অসম-অৰুণাচল ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গোমৰাগ চ:মান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । জোনাই মহকুমাৰ বিভিন্ন গাঁৱত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে অতীজৰ পৰা চলি অহা মিচিং জনগোষ্ঠীৰ লোকসকলৰ পৱিত্র উৎসৱ "আলি-আ:য়ে-লৃগাং" ।

অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ উৎসৱ আলি আ:য়ে লৃগাং (শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ) পালন কৰে । মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আ’য়ে” মানে ফল আৰু “লিগাং” মানে উৎসৱ । আলি আ:য়ে লৃগাংৰ বাবে মিচিং গাঁও সমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশ l

জোনাইৰ লগতে আজি বিভিন্ন প্ৰান্তত থকা মিচিং গাঁৱসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশ l পুৱাৰে পৰা মিছিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজোষ্ঠ সকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিছিংসকলৰ জাতীয় উৎসৱ আলি আ:য়ে লৃগাং l ফাগুনৰ প্ৰথম বুধবাৰত মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি আলি আ:য়ে লৃগাং উৎসৱ পালন পালন কৰে ৷

প্ৰাণৰ উৎসৱ লৃগাংঙক লৈ পাৰভঙা উছাহ জোনাইত

লগতে পঢ়ক :যোৰহাটৰ সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যক পোক-পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দ:ঞি প:ল কাৰ্চিং কাৰ্তাকক পৰম্পৰা ৰীতি নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে । মাংগলিক কাৰ্যৰ পিচতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পুৰা গাহৰি মাংস, আদা-নহৰু শুকান মাছৰ চাটনিৰ লগত প:ৰ আপঙৰ জুতি লয় বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী সকলোৱে ৷

ইফালে জোনাইৰ গালী মেছাকী গাঁৱতো আলি আঃয়ে লিগাং উদযাপনৰ দৃশ্য । পুৱাৰে পৰা জোনাইৰ গালী মেছাকী গাঁৱৰ ডেকা-গাভৰ, বােৱাৰীৰ লগতে শিশুৰ পৰা বয়ােজ্যেষ্ঠলৈ এনেদৰে একেলগে উদযাপন কৰিছে মিচিংসকলৰ অতিকৈ আপােন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আয়ে লিগাং । আজিৰে পৰা গোমৰাগ চ:মান ঐনিতম কাবানেৰে মুখৰিত হৈ পৰিছে মিচিং গাঁৱসমূহত ।

লগতে পঢ়ক :ঐতিহাসিক চম্পাৱতী মহা কুণ্ডমেলাৰ বাবে ব্যাপক প্ৰস্তুতি

আনহাতে, জোনাইৰ পুৰণা জেলম, কেমি, লেকু, মুৰ্কংচেলেক, তৰাজান, আগাম দলুং , মিগম দলুং, ৰতকে, মহমৰাহ, কুলি গাঁও, ৰোৱাদ দলুং, বিজয়পুৰ, জোনেকৰেং, চমকং, লামুন জান, অন্নপুৰ, ৰাউণ্ড, মিছামৰা, কাৰিচুক, নামকিৰ, ডেকাপাম, লাইমেকুৰী, আমলক্ষী পাইত, টেলাম, ৰামধন, মিলনপুৰ, বৰবালি, গালি চিকাৰী, শান্তিপুৰ, চিৰামপুৰীয়া, ঐৰাম ঘাট, চিৰুং, ডিমৌ, ডিপা আদি বিভিন্ন মিচিং বসতিপ্ৰধান গাঁওসমূহত অতি উলস-মালহেৰে আলি আ:য়ে লৃগাং উৎসৱ পালন কৰে ৷

লগতে পঢ়ক :বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !

ABOUT THE AUTHOR

...view details