ধেমাজি,৪ এপ্ৰিল:নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পুনৰ বিপদ কঢ়িয়াই আনিছে (NHPC Lower Subansiri Dam)। এই প্ৰকল্পটোৰ কাষৰীয়া পাহাৰত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন । বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান মূল বান্ধৰ কাষত সোমবাৰে পুৱা সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ পিছতেই ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে (Landslide damages NHPC lower Subansiri Dam) ।
অসমৰ দল- সংগঠন আৰু ৰাইজক প্ৰতিবাদক আওকাণ কৰি সম্প্ৰতি চলিত বছৰৰ জুন মাহতে কেন্দ্ৰীয় চৰকাৰে বিদ্যুত উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰাৰ পৰিপ্ৰৰেক্ষিতত ক্ষীপ্ৰতাৰে কাম কৰা NHPCত বাৰিষা পূৰ্বেই এইবেলিও সংঘটিত হৈছে পাহাৰৰ ভয়াৱহ ভূমিস্খলন । ইয়াৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।
এই সম্পৰ্কত মঙলবাৰে ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই উদ্বেগ প্ৰকাশ কৰি কয় যে, বিগত বাৰিষাৰ সময়তো ভূমিস্খলন হৈছিল (Landslide on the NHPC diversion tunnel in Lakhimpur)৷ কিন্তু এইবাৰ বাৰিষা নৌপাওঁতেই ভূমিস্খলন ঘটিছে ৷ গতিকে ই ভয়ংকৰ আগজাননী কঢ়িয়াইছে ৷