ধেমাজি, 15অক্টোবৰ :ধেমাজি ৰে'লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ নতুন পথেৰে চলিছে দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ । আনহাতে বহু প্ৰতীক্ষাৰ অন্ততঃ ধেমাজি জিলাখনৰ মাজেৰে ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰাৰ বাবে বিভিন্ন দল সংগঠনে আদৰণি জনাইছে । কিন্তু ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ৰে'লখনৰ বাবে ধেমাজি জিলাৰ কোনো এঠাইত নাই ষ্টপেজ ।
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ - ধেমাজি
দীৰ্ঘ দিন ধৰি ৰে'ল যাতায়াতৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে । অতি শীঘ্ৰেই ৰে'ল ষ্টেপেজৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলন হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।
ফলত বহু অপেক্ষাকৃত ৰেলখনত উঠিবৰ বাবে পূৰ্বতে অন্য জিলালৈ যোৱাৰ দৰে এতিয়াও ব্যতিক্ৰম নহয় বুলি আক্ষেপ কৰে প্ৰতিবাদকাৰী সকলে । জিলা সদৰ তথা অৰুণাচল প্ৰদেশৰ যাত্ৰীসকলৰ লগতে দিল্লীত অধ্যয়নৰত ছাত্র ছাত্রী অথবা অন্যান্য ব্যক্তিসকলে বহু সমস্যাৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে । সেয়ে উক্ত ৰে'লখনৰ যাত্ৰীসকলৰ বাবে অনতিপলমে ধেমাজি সদৰত ষ্টপেজ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । লগতে ধেমাজি জিলাৰ উপায়ুক্ত আৰু উত্তৰ পূব সীমান্ত ৰে'লৱে মুখ্য প্ৰৱন্ধকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক :বৰপেটাত মাৰণাস্ত্ৰসহ এজন গ্ৰেপ্তাৰ