জোনাই, 7 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা আৰু বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে জোনাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ কৰা হয় । ৰাইজৰ সজাগ কৰাৰ উদ্দেশ্যেৰে 'মাস্ক পৰিধান কৰক', 'সজাগ হওক', 'সাৱধান হওক',' ঘৰতে থাকক সুস্থ থাকক','আপোনাৰ লগতে পৰিয়াল ও সমাজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক' ইত্যাদি বেনাৰ লৈ চেনিটাইজিং আৰম্ভ কৰে ৷
জোনাইৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ - জোনাই আঞ্চলিক সমিতি
বৃহস্পতিবাৰে জোনাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ কৰা হয় । ৰাইজৰ সজাগ কৰাৰ উদ্দেশ্যেৰে বিভিন্ন শ্ল’গান আৰু বেনাৰ লৈ চেনিটাইজিং আৰম্ভ কৰে ৷
![জোনাইৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ্যোগত বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11670007-thumbnail-3x2-df.jpg)
জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ্যোগত বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ
জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ উদ্যোগত বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নীল গগৈ, ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মা, জিলা সমিতিৰ সাংগঠনিক সম্পাদক ধিৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকাৰ লগতে জিলা আৰু আঞ্চলিক সমূহ সদস্যৰ উপস্থিতি থাকে এই চেনিটাইজিংত ৷ আনহাতে, জোনাই প্ৰশাসন আৰু জোনাই অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জোনাই বজাৰ নেপালী বস্তি, ৰুকচিনত ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজ কৰা হয় ।
লগতে পঢ়ক : ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা