অসম

assam

ETV Bharat / state

এশ মিটাৰ দূৰত্বত দুখনকৈ কোটিটকীয়া পকী দলং! - জোনাই নদী

জোনাই নদীত এশ মিটাৰৰো কম দূৰত্বত কোটিটকীয়া দুখনকৈ পকী দলং নিৰ্মাণৰ তদন্তৰ দাবী জোনাই যুৱ ছাত্ৰ পৰিষদৰ ৷ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

দুখনকৈ কোটিটকীয়া পকী দলং নিৰ্মাণ কাৰ্যত ৰহস্য, তদন্তৰ দাবী জোনাই যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Aug 5, 2019, 12:41 PM IST

জোনাই, 5 আগষ্টঃধেমাজি জিলাৰ জোনাই নদীত এশ মিটাৰৰো কম দূৰত্বত দুখনকৈ কোটিটকীয়া পকী দলং নিৰ্মাণ কাৰ্যৰ তদন্তৰ দাবী জনাইছে জোনাই যুৱ ছাত্ৰ পৰিষদে ৷ জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত এতিয়াও বিধস্ত ৰাস্তা-ঘাট ৷ বাঁহৰ দলঙৰে প্ৰায় হাজাৰ-হাজাৰ ৰাইজ অহা যোৱা কৰি থকাৰ মাজতে জোনাই গাঁও পঞ্চায়তৰ বেৰাচাপৰিত জোনাই নদীৰ ওপৰত মাত্ৰ এশ মিটাৰৰো কম দূৰত্বৰ ব্যৱধানত জোনাই গড়কাপ্তানী গ্ৰাম্য পথ বিভাগৰ অধীনত দুখনকৈ আৰ চি চি দলং নিৰ্মাণ কৰা দেখি ৰাইজৰ চকু কপালত উঠিছে | এই সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে দেওবাৰে জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ আহ্বান জনায় |

দুখনকৈ কোটিটকীয়া পকী দলং নিৰ্মাণ কাৰ্যত ৰহস্য, তদন্তৰ দাবী জোনাই যুৱ ছাত্ৰ পৰিষদৰ

উল্লেখ্য যে, জোনাই তিনিআলিৰ পৰা বলাইপাম মাছখোৱা কেম্প হৈ বেৰাচাপৰিলৈ যোৱা গড়কাপ্তানী বিভাগৰ পকী পথৰ জোনাই নদীৰ ওপৰত প্ৰায় এশ মিটাৰ নামনিত আৰ চি চি দলং এখনৰ নিৰ্মাণৰ বাবে ৯ কোটি টকা আৱন্টন মৰ্মে দলং নিৰ্মাণৰ কাম চলি আছে | কিন্তু উক্ত কোটিটকীয়া আৰ চি চি দলঙৰ উজনিতে একেখন নদীত মাত্ৰ এশ মিটাৰৰো কম ব্যৱধানতে কাঠৰ দলঙৰ কাষত গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে পুনৰ ১১ কোটি টকীয়াৰ আন এখন দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে |

এখন নদীৰ ওপৰতে এনেদৰে এশ মিটাৰৰো কম দূৰত্বত জোনাই মহকুমা গড়কাপ্তানী গ্ৰাম্য পথ বিভাগে দুখনকৈ কোটি টকীয়া দলং নিৰ্মাণ কৰা কাৰ্যই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে | যাৰ ফলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই বিষয়টোৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে |

ABOUT THE AUTHOR

...view details