অসম

assam

By

Published : May 2, 2021, 3:30 PM IST

ETV Bharat / state

বৃহৎ নদীবান্ধক লৈ ধেমাজিত প্ৰতিবাদ

ধেমাজি জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ কৰে পৰিষদৰ বহু সংখ্যক কৰ্মীয়ে ৷

বৃহৎ নদীবান্ধক লৈ ধেমাজিত প্ৰতিবাদ
বৃহৎ নদীবান্ধক লৈ ধেমাজিত প্ৰতিবাদ

ধেমাজি,2 মে’: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ ধেমাজি জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰে নদীবান্ধৰ তীব্ৰ বিৰোধিতা কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পৰিষদৰ বহু সংখ্যক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷

বৃহৎ নদীবান্ধক লৈ ধেমাজিত প্ৰতিবাদ

ইপিনে পৰিষদে এই বান্ধৰ তীব্ৰ বিৰোধিতা কৰি কাৰ্যতঃ চৰকাৰক সকিয়নী দিয়াৰ লগতে গঠন হ’বলগীয়া নতুন চৰকাৰখনেও যাতে কোনো কাৰণতে বান্ধ লবীৰ পক্ষত নাযায় তাৰ বাবে আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : মৰাণত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details