ধেমাজি,9 জানুৱাৰী:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ কা' আমি নামানো, অসম চৰকাৰ হুচিয়াৰ, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক আদি শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ লগতে কা' বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা একাংশ দল-সংগঠনৰ কৰ্মীক আৰক্ষীয়ে ভয়-ভাবুকি প্ৰদান কৰাক লৈ বিজেপি চৰকাৰখনক তীব্ৰ সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজিত AJYCP ৰ প্ৰতিবাদ
অচিৰেই কা' বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে শীঘ্ৰে কা' বাতিল নকৰিলে অনাগত দিনত ৰাইজৰ সহযোগত পুনৰ শক্তিশালী ৰূপত কা' বিৰোধী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজিত AJYCP ৰ প্ৰতিবাদ
আনহাতে অনাগত দিনত ৰাইজৰ সহযোগত পুনৰ শক্তিশালী ৰূপত কা' বিৰোধী আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত গণ অৱস্থানৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ কেইবা শতাধিক কৰ্ম-কৰ্তাই ৷
লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ