অসম

assam

ETV Bharat / state

ধেমাজিত চৰকাৰী চিকিৎসালয়ৰ পৰা অন্তৰ্ধান 22 লাখ টকীয়া চিকিৎসা যন্ত্ৰ ! - অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ (AJYCP protest in Dhemaji)৷ যুটীয়া স্বাস্থ্য সঞ্চালকৰ প্ৰতিকৃতি দাহ প্ৰতিবাদকাৰীৰ ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা ব্যাপক অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ সংগঠনটোৰ ৷

ajycp-protest-against-allegation-of-scam-in-dhemaji-civil-hospital
ধেমাজিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ প্ৰতিকৃতি দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে

By

Published : May 4, 2022, 9:29 PM IST

ধেমাজি, 4 মে’: বুধবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা ব্যাপক অনিয়মৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘটনা অনুসৰি, ধেমাজি অসামৰিক চিকিৎসালয়ত 2011 চনত স্বাস্থ্য বিভাগে ৰোগীৰ স্বাস্থ্যৰ আভ্যন্তৰীণ পৰীক্ষা কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় LAPAROSCOPY যন্ত্ৰ এটা প্ৰদান কৰিছিল ৷

পৰিতাপৰ বিষয় যে, এই যন্ত্ৰটোৰে ৰোগীসকলক কিছুদিন চিকিৎসা কৰা হৈছিল যদিও দীৰ্ঘদিনধৰি এই সেৱাৰ পৰা বঞ্চিত হৈ আছে ধেমাজিবাসী ৷ তাৰ পাছতে ৰোগীৰ বাবে অতি প্ৰয়োজনীয় যন্ত্ৰটোৰ পৰা কি কাৰণে সেৱা লাভ কৰা নাই তাৰ এক অনুসন্ধান কৰে জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ একাংশ কৰ্মীয়ে ৷

এই ঘটনাৰ কাৰণ সন্দৰ্ভত জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ পৰা উত্তৰ বিচৰাত ৰহস্যজনকভাৱে বিষয়াগৰাকীয়ে মৌনতা অৱলম্বন কৰে ৷

ধেমাজিত যুটীয়া স্বাস্থ্য সঞ্চালকৰ প্ৰতিকৃতি দাহ কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিষদে

লগে লগে জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ অনুসন্ধান কৰি 22 লাখ টকীয়া যন্ত্ৰটো ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা কেতিয়াবাই অন্তৰ্ধান হৈছে বুলি জানিব পাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ধেমাজি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত বিষয়াগৰাকীৰ প্ৰতিকৃতি দাহ কৰি (AJYCP burnt an effigy of Joint Director of Health services) বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত তোলে প্ৰতিবাদকাৰী দলটোৱে ৷

ইপিনে জাতীয়তাবাদী যুৱ পৰিষদে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি ৰহস্যজনকভাৱে নোহোৱা হোৱা এই চিকিৎসা যন্ত্ৰটো উদ্ধাৰ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ

ABOUT THE AUTHOR

...view details