অসম

assam

ETV Bharat / state

'বন মাফিয়াৰ লগত গোপন বুজাবুজি ধেমাজি বন বিভাগৰ'

বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ ছত্ৰ ছায়াত সোৱণশিৰি বুকুত অবৈধভাৱে চলিছে বনজ সম্পদ লুন্ঠন ৷ এই অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ৷ ভয়ানক ৰূপত জিলাখনত বাঢ়ি অহা এই দুস্কাৰ্য ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ তদন্তৰ আহ্বান সংগঠনটোৰ ৷

etv bharat

By

Published : Jun 28, 2019, 4:52 AM IST

Updated : Jun 28, 2019, 1:23 PM IST

ধেমাজি , 28 জুন: ধেমাজি জিলাত বন বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ ছত্ৰ ছায়াত সোৱণশিৰি বুকুত অবৈধভাৱে অসাধু চক্ৰই বনজ সম্পদ লুণ্ঠন কৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ পৰিষদ । বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি বিভাগৰ গোপন বুজাবুজিৰ মাধ্যমেৰে বন মাফিয়াই সোৱণশিৰি বুকুত লুণ্ঠন অব্যাহত ৰখাৰ লগতে সোৱণশিৰি দাঁতিকাষৰীয়া বনাঞ্চললৈও ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ তোলে ৷

ধেমাজি প্ৰেছ ক্লাৱত যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সংবাদ মেল

সংবাদমেল যোগে সংগঠনটোৱে স্পষ্ট ৰূপত উপস্থাপন কৰিলে কেইবাগৰাকীও অভিযুক্তৰ নাম ৷ সংগঠনটোৰ অভিযোগ অনুসৰি সুগ্ৰীৱ ভাৰতী, প্ৰদীপ দাস, ৰৌচন ক্ৰৌবা, মনোজ দিহিঙীয়া, ভুৰাম দত্ত, কনুজ চুতীয়া, তীথেশ্বৰ সোণোৱাল, জয়চৰণ বসুমতাৰী, জীতেন কলিতা, ভৱানন্দ দলে, সূৰ্য কোঁৱৰ, ধনীয়া মিলি, অদেশ তিৱাৰীকে ধৰি মুঠ ১৭ গৰাকী লোক এই দুস্কাৰ্যত জড়িত বুলি প্ৰকাশ কৰে ৷ লগতে, এই বিষয়া কৰ্মচাৰীসকলক বনদস্যু আখ্যা দি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে শাস্তিৰ দাবী জনায় যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে । ইতিমধ্যে যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ তৰিছে ৷

ইপিনে, সমগ্ৰ বিষয়টো অনুসন্ধানৰ বাবে ইতিমধ্যে চাৰিজনীয়া তদন্ত সমিতিক গঠনক লৈয়ো আশ্বস্ত নহয় যুৱ ছাত্ৰ পৰিষদ । সেয়ে যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ তদন্তৰ আহ্বান জনায় ৷

Last Updated : Jun 28, 2019, 1:23 PM IST

ABOUT THE AUTHOR

...view details