ধেমাজি, 30 অক্টোবৰ: চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । কেৱল যেন শ্ল'গানতে আৱদ্ধ হৈ থাকে ৰাজ্যৰ উন্নয়ন ব্যৱস্থা ৷ পৰিৱৰ্তনকামী চৰকাৰে যিমানে উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় বাস্তৱত তাৰ বিপৰীতে ছবিহে পৰিলক্ষিত হৈছে ৷ তেনে এক দৃশ্যই উন্মোচিত হৈছে ধেমাজিত (Poor road condition in Dhemaji) ৷
ধেমাজিৰ কুলাজানৰ পৰা বগীবিললৈ যোৱা পথচোৱাই জলা-কলা খুৱাইছে পথচাৰীক । সদাব্যস্ত পথটো মেৰামতিত বিভাগীয় কৰ্তৃপক্ষই হেমাহি কৰাৰ গুৰুতৰ অভিযোগ পথচাৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ ৷ অতি গুৰুত্বপূৰ্ণ পথচোৱাত বগীবিল দলঙৰ ধেমাজি পাৰৰ অংশত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত ৷ বিশেষকৈ চিকিৎসা আৰু শিক্ষা সংক্ৰান্তীয় কামত ডিব্ৰুগড়লৈ অহা যোৱাৰ ক্ষেত্ৰত লক্ষীমপুৰ আৰু ধেমাজিৰ যান-বাহন আৰোহীয়ে জীয়াতু ভুগি আহিছে ৷
শেহতীয়াকৈ সংশ্লিষ্ট বিভাগে লেহেমীয়া গতিৰে পথচোৱাৰ ঠায়ে ঠায়ে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে ৷ সেয়ে এই পথচোৱা লগতে হেঁপাহৰ দলংখনত সৃষ্টি হোৱা গাঁতবোৰ খৰতকীয়াকৈ মেৰামতি কৰি যাতায়তৰ সূচল কৰিবলৈ দাবী জনাইছে ধেমাজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই (AJYCP demanded construction of road) ৷