ধেমাজী,30 ছেপ্তেম্বৰঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু চুতীয়া যুৱ সন্মিলনৰ ধেমাজি জিলা সমিতিয়ে বুধবাৰে কেইবাটাও সমস্যা সমাধানৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বুধবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈ ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীত সংগঠন দুটাৰ দুই শতাধিক সদস্য-সদস্যাই অংশগ্ৰহণ কৰি সম্প্ৰতি দেশজুৰি তোলপাৰ লগোৱা কৃষক বিৰোধী আইন বাতিল কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় ৷
ধেমাজিত AJYCP আৰু চুতীয়া যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট - চুতীয়া যুৱ সন্মিলন
দেশজুৰি তোলপাৰ লগোৱা কৃষক বিৰোধী আইন বাতিল কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় সংগঠন দুয়োটাই ৷
আনহাতে ধেমাজি পৌৰসভাই সাপ্তাহিক বজাৰত দ’মাই ৰখা আৱৰ্জনা সমূহ শীঘ্ৰে আঁতৰাই তাত আৱৰ্জনা পেলোৱা কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ৷ সম্প্ৰতি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অহা আৱৰ্জনা সমূহ আঁতৰাই নেপেলালে ভয়ংকৰ বিপদৰ সম্ভাৱনা আছে বুলি সদৰি কৰে ৷ তদুপৰি সংগঠনটোৰ সক্ৰিয় কৰ্মী বাবুল দাসক ধেমাজি তামুলী মটৰ্চে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক তীব্ৰ প্ৰতিবাদ জনাই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ৷
লগতে পঢ়কঃ আহিনৰ বানে বিধস্ত কৰিছে ধেমাজি জিলাৰ বহুকেইখন গাঁও