ধেমাজি, 2 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰাজ্যত আত্মপ্ৰকাশ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল'অসম জাতীয় পৰিষদ' সন্দৰ্ভত শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰা হয় ৷ উক্ত সংবাদমেলত উপস্থিত থাকে 'অসম জাতীয় পৰিষদ'ৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী ৷
সংবাদমেলত উপস্থিত থাকি আহ্বায়ক গৰাকীয়ে কয় যে,'অসম জাতীয় পৰিষদ' কাৰো B টিম নহয় । 'অসম জাতীয় পৰিষদে' সদাইA টিম হৈ কাম কৰিব ৷ আনহাতে, শুকুৰাবাৰে ৰাজ্যত পুনৰ নতুনকৈ আত্মপ্ৰকাশ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 টা জাতীয় সংগঠনৰ নেতৃত্বত আত্মপ্ৰকাশ কৰা নতুন ৰাজনৈতিক দল 'ৰাইজৰ দল' সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ দলটিক শুভেচ্ছা জনাই সকলো কৰ্মকৰ্তাক উস্ম আদৰণি জনায় ৷