অসম

assam

ETV Bharat / state

ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন

জিলাই জিলাই দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মী । ধেমাজিতো খুবলীয়া আঞ্চলিক সমিতি গঠন কৰিলে অসম জাতীয় পৰিষদে । সভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

By

Published : Feb 6, 2021, 5:41 PM IST

ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন
ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন

ধেমাজি, ৬ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোটাৰক আকৃষ্ট কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে । সমান্তৰালকৈ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈও সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । শুক্ৰবাৰে ধেমাজি নগৰৰ সমীপৰ কোৱাফলাস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় । অৱসৰপ্ৰাপ্ত শিক্ষক মোলোক বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত খুবলীয়া আঞ্চলিক সমিতি গঠন কৰা হয় ।

ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন

বলীন দিহিঙীয়াক খুবলীয়া আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে আৰু মোহন দাসক সম্পাদকৰ দায়িত্ব ন্যস্ত কৰা হয় । ৩১ জনীয়া সমিতিখন গঠন কৰি দলটোৱে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰাৰ পৰকল্পনা কৰিছে । সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে অংশগ্ৰহণ কৰে ।

ধেমাজিত অসম জাতীয় পৰিষদৰ খুবলীয়া আঞ্চলিক সমিতি গঠন

তেওঁ কয় যে, বৰ্তমান চৰকাৰে প্ৰলোভনৰ ৰাজনীতি কৰি বিষবাষ্প বিয়পাইছে আৰু জাতি, মাটি, ভেটি ৰক্ষা, পৰিৱৰ্তনৰ নামত জনসাধাৰণক কেৱল আভুৱা ভাৰিলে চৰকাৰখনে ৷ সেয়ে, ৰাইজে এইবাৰ পৰিত্ৰাণ বিচাৰিছে বুলি সমালোচনা কৰে নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

ABOUT THE AUTHOR

...view details