ধেমাজি, 21 জানুৱাৰী :অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ভৰালীচুকস্থিত জিলা মুখ্য কাৰ্যালয়ত এখন যোগদান সভা অনুষ্ঠিত হয় ৷ ধেমাজিৰ জিলাৰ মুখ্য আহ্বায়ক ভৱিষ্য দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অসম জাতীয় পৰিষদত যোগদান কৰে ৷
ধেমাজিত অনুষ্ঠিত উক্ত যোগদান সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীও উপস্থিত থাকে ৷ সভাত ভাষণ প্ৰদান কৰি জাতিটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত সমগ্ৰ অসমত জাতি, ধৰ্ম আৰু বৰ্ণ নিবিশেষে জাতীয় পৰিষদত যোগদান কৰিছে বুলি মন্তব্য কৰে বসুমতাৰীয়ে ৷