অসম

assam

By

Published : Oct 10, 2020, 7:36 PM IST

ETV Bharat / state

ক্ষমতা লাভৰ বাবে নহয়,জাতিৰক্ষাৰ বাবে ৰাজনীতি!

ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ আহ্বয়ক সমিতিৰ যোগদান সমাৰোহত জাতীয় পৰিষদৰ আহ্বয়ক চিত্তৰঞ্জন বসুমতাৰীৰ মন্তব্য ৷ ক্ষমতা লাভৰ বাবে নহয়,জাতিক ৰক্ষা কৰিবৰ বাবে ছাত্র সন্থা ত্যাগ কৰি জাতীয় পৰিষদত যোগদান কৰা বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ আহ্বায়ক গৰাকীয়ে ৷

AJP joining meeting in Dhemaji
অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ আহ্বয়ক সমিতিৰ যোগদান সমাৰোহ

ধেমাজি,10 অক্টোবৰ: শনিবাৰে ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ আহ্বায়ক সমিতিৰ যোগদান সমাৰোহ ৷

অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ আহ্বয়ক সমিতিৰ যোগদান সমাৰোহ

সভাত অংশ লৈ অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে ৰাইজক উদ্দেশ্য কয় যে,কেৱল ক্ষমতা লাভৰ বাবে তেওঁলোকে ৰাজনৈতিক দল খোলা নাই । তেওঁ জাতিক ৰক্ষা কৰিবৰ বাবে সদৌ অসম ছাত্র সন্থা ত্যাগ কৰি জাতীয় পৰিষদত যোগদান কৰিছে । জাতীয় পৰিষদে সৰু সৰু আঞ্চলিক দলৰ সৈতে একত্ৰিত হৈ আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে আহ্বায়ক গৰাকীয়ে । সভাৰ অন্তত পাঁচ শতাধিক লোকে জাতীয় পৰিষদত যোগদান কৰা বুলি জানিব পৰা গৈছে ৷

এই সভাত ৰাজ্যিক আহ্বয়ক শিৱৰাম মৰাণসহ ধেমাজি জিলাৰ বহুকেইগৰাকী মুখ্য আহ্বায়ক উপস্থিত থাকে ।

লগতে পঢ়ক:শেষ মুহুৰ্তলৈকে আমি মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিম-ৰিপুন বৰা

ABOUT THE AUTHOR

...view details