অসম

assam

ETV Bharat / state

Bhut jolokia cultivation : 18 লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ ভৱেন শালৈৰ, মুখ্যমন্ত্ৰী শুভেচ্ছা

বিদেশৰ বজাৰত সমাদৰ লাভ ভোট জলকীয়া(Good gains Bhut jolokia in foreign markets) ৰ ৷ ধেমাজিৰ ভৱেন শালৈ নামৰ কৃষকগৰাকীয়ে ভোট জলকীয়া খেতি(Bhut jolokia cultivation)ৰে সম্প্ৰতি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় 18 লক্ষাধিক টকা ৷ কৃষকগৰাকীৰ সফলতা(Success story of Bhaben Saloi from Dhemaji) ৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পোৱাত অভিনন্দন জনাইছে স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

By

Published : May 25, 2022, 9:33 AM IST

Bhut jolokia cultivation
ধেমাজিৰ ভৱেন শালৈৰ ভোট জলকীয়া খেতি

তেজপুৰ, 25 মে’:পুনৰ এবাৰ ভোট জলকীয়াৰ সমাদৰ বিদেশৰ বজাৰত(Good gains Bhut jolokia in foreign markets) ৷ ভোট জলকীয়া খেতিৰে লক্ষাধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ এগৰাকী কৃষক ৷ কৃষকগৰাকীৰ সফলতা(Success story of Bhaben Saloi from Dhemaji) ৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পোৱাত অভিনন্দন জনাইছে স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এগৰাকী উদ্যমী খেতিয়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ সভাপতি ভৱেন শালৈয়ে লাভ কৰিছে এই কৃতিত্ব ৷ নিজৰ কৃষিকৰ্ম বিশেষকৈ ভোট জলকীয়া খেতি(Bhut jolokia cultivation) ৰে স্বাৱলম্বী হোৱাৰ লগতে যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে শালৈ ৷

ধেমাজিৰ ভৱেন শালৈৰ ভোট জলকীয়া খেতি

ইটিভি ভাৰত(Interview with ETV Bharat)ৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত শালৈয়ে কয় যে, "এটা সময়তে মই একমাত্ৰ মোৰ নিজৰ মাটিত ভোট জলকীয়া খেতিৰে বৰ্তমান ১২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো" ৷ বিগত 7 বছৰৰ পৰা ভৱেন শালৈয়ে কৃষিকৰ্মৰ সৈতে জড়িত হৈ থাকি এইবেলি অকলে প্ৰায় 10 বিঘা মাটিত কৃষি কৰ্ম কৰিছে ৷ জিলাখনৰ 36 গৰাকী যুৱকৰ বৰ্তমান প্ৰত্যেকেই 2-4 বিঘা মাটিত খেতি কৰি আৰ্থিকভাৱে সাভান্বিত হোৱাৰ কথা জানিব পৰা গৈছে ৷

কৃষকগৰাকীৰ দ্বাৰা উৎপাদিত ভোট জলকীয়াই সমাদৰ লাভ কৰিছে বিদেশৰ বজাৰতো ৷ কৃষকগৰাকীয়ে সদৰি কৰা অনুসৰি, ভোট জলকীয়া বিক্ৰীৰ বাবে তেওঁ ভূটানৰ এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে ইতিমধ্যে চুক্তিবদ্ধ হৈছে ৷ শালৈয়ে কৰা ভোট জলকীয়া খেতিত দুই প্ৰকাৰৰ জলকীয়া উৎপাদন হয় ৷ এটাৰ নাম ৰাজা হোৱাৰ বিপৰীতে আনটোৰ নাম হৈছে ৰাণী ৷ প্ৰকৃততে ভোট জলকীয়া Queen of Chili আৰু Hot Chili নামেৰে খ্যাত ৷ ভূটানৰ বজাৰত ইয়াৰ মূল্য হৈছে প্ৰতি কিল’গ্ৰামত 3,000 টকা ৷ বিশেষকৈ শুকান ভোট জলকীয়াৰ সমাদৰ ভূটানৰ বজাৰত অধিক হোৱা দেখা গৈছে ৷

উৎপাদিত ৰং-বিৰঙী ভোট জলকীয়া

উল্লেখ্য যে, 2007 চনত গিণিজ ৱৰ্ল্ড ৰেকৰ্ড(Guinness World Record 2007)ৰ জৰিয়তে প্ৰমাণিত হৈছিল যে ভোট জলকীয়াই হৈছে বিশ্বৰ সৰ্বাধিক তীক্ষ্ণগুণ সম্পন্ন জলকীয়াৰ প্ৰজাতি, যি টাবাস্কো চছতকৈ 170 গুণে তীক্ষ্ণ স্বাদৰ ৷ ভোট জলকীয়াৰ মূল্যাংকন এক মিলিয়নতকৈও অধিক স্কোভিল হিট ইউনিট ৷ ইয়াৰ লগতে ভোট জলকীয়াক ২০১১ চনত ত্ৰিনিদাদ স্কৰ্পিয়ন বাচ্চ টি আৰু ২০১৩ চনত কেৰোলিনা ৰিপাৰৰ সৈতে পৰীক্ষাগাৰত তুলনা কৰা হৈছিল ৷

মন কৰিবলগীয়া যে, এই ভোট জলকীয়াৰ পৰা ভাৰতীয় সেনা বাহিনীৰ তেজপুৰৰ(প্ৰতিৰক্ষা বিভাগ) ৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি প্ৰস্তুত কৰা হয় এক বিশেষ প্ৰকাৰৰ বোমা ৷ অন্যান্য ৰাজ্যৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক ভোট জলকীয়াৰ খেতি হোৱা পৰিলক্ষিত হৈছে ৷ ভৱিষ্যতে ধেমাজিৰ এইগৰাকী কৃষক ভৱেন শালৈয়ে বহলভিত্তিত ভোট জলকীয়াৰ খেতি কৰাৰ মন বান্ধি লৈছে ৷

লগতে চাওক:অক্টোবৰত অৰুণাচলত মুকলি হ'ব বিশ্বৰ ভিতৰত প্ৰথমটো দুই লেনযুক্ত সুৰংগ

ABOUT THE AUTHOR

...view details