ধেমাজি, 25 এপ্ৰিলঃলক ডাউন সময়ছোৱাত ৰাজ্যৰ প্ৰতিখন জিলাৰ কৃষকৰ সমস্যা আৰু জনসাধাৰণৰক পৰ্যাপ্ত পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ সম্পৰ্কত বুজ লবৰ বাবে শুকুৰবাৰে ধেমাজি জিলাত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। মন্ত্ৰীদ্বয়ে আবেলি ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাক্ষত জিলা উপায়ুক্ত নৰসিং পাৱাৰ আৰু আৰক্ষী অধীক্ষকসহ অন্যান্য মুৰব্বী বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।
ধেমাজিত কৃষিমন্ত্ৰী অতুল বৰাক জৱাবদিহি কৃষকৰ
ধেমাজিত কৃষি মন্ত্ৰী অতুল বৰা আৰু খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী,ধেমাজিত কৃষিমন্ত্ৰী অতুল বৰাক জৱাবদিহি কৰিলে কৃষকে যধে মধে আচনি নল'বলৈ আহ্বান ৷
আনহাতে অতুল বৰাক ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰশ্নৰে জবাবদিহি কৰিলে ধেমাজীৰ স্থানীয় কৃষকসকলে ৷ যধে মধে আচনি ন'লৈ কৃষক সকলৰ যাতে উন্নয়ন,এখন বজাৰ য'ত কৃষকসকলে প্ৰকৃত মূল্য পায় ,গ্ৰামাঞ্চৰ কৃষক সকলক সুযোগ আৰু সুবিধা প্ৰদান কৰাকে ধৰি বিভিন্ন প্ৰশ্ন কৰি ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীৰ ওচৰত ৷ প্ৰশ্নত উপায়ন্তৰ হৈ জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুকে কৃষকৰ সমস্যা বুজ লোৱাৰ দায়িত্ব দি উপায়ুক্ত কাৰ্যালয় ত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢকঃওদালগুৰিত মাক্স বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ