ধেমাজি, 29 জুলাই :ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই খোদ কৃষি বিভাগত ৰাসায়নিক সাৰত অনিয়ম হোৱা বুলি স্বীকাৰ কৰা লগতে এই অনিয়ম ৰোধ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰাৰ পিছতে ধেমাজি কৃষি বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে ধেমাজি নগৰৰ কেইবাখনো ৰাসায়নিক সাৰ বিক্ৰী ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলায় ৷ অভিযানকালত চৰকাৰী বিধি মতে দোকানীয়ে সাৰ বিক্ৰী কৰিছেনে নাই সেয়া পৰীক্ষা কৰা হয় ৷ লগতে চৰকাৰী নিৰ্দেশনা অনুসৰি এনে দোকানত প্ৰয়োজনীয় সামগ্ৰী আৰু যাৱতীয় নথি থাকিলেহে বিক্ৰীৰ অনুমতি লাভ কৰিব বুলি সাৰ বিক্ৰী প্ৰতিষ্ঠানসমূহক নিৰ্দেশনা প্ৰদান কৰে চৰকাৰী বিষয়াসকলে ৷
বুধবাৰৰ দিনটোত ধেমাজি কৃষি বিভাগে সদৰত 8 খন আৰু জোনাইত 10 খনসহ মুঠ 18 খন এনে সাৰৰ দোকানত অভিযান চলাই সাময়িকভাৱে বাবে দোকান বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ লগতে সকলোকে চৰকাৰী নিৰ্দেশনা মানি সাৰ বিক্ৰী কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে, যোৱা 27 জুলাইত ৰাসায়নিক সাৰ (Chemical Fertilizer) বিতৰণৰ নামত অনিয়ম হোৱাৰ কথা নিজমুখে স্বীকাৰ কৰিছিল ৰাজ্যিক কৃষিমন্ত্ৰী অতুল বৰাই (Atul Bora)৷