ধেমাজিত শিক্ষিত যুৱকৰ কৃষি বিপ্লৱ ধেমাজি,৯ জানুৱাৰী :মন থাকিলে ছন বাকৰি মাটিতেই ধন ৷ এই আপ্ত বাক্যশাৰী আখৰে আখৰে প্ৰতিপন্ন কৰিছে ধেমাজি মাছখোৱা ধিপগুৰি গাঁৱৰ এটা অভাৱী পৰিয়ালৰ শিক্ষিত যুৱক প্ৰণৱ দত্তই ৷ চালে চকুৰোৱা প্ৰণৱ দত্তৰ বাৰীত এতিয়া লমালমে লাগিছে সৰু-ডাঙৰ বেঙেনা, ৰাজমাহ, বিলাহী ৷ কবি, লাই, ব্ৰ'কলি, ফুলকবি, আলু , ফেন্সবিন, লাউ, কেইজোপামান ভোটজলকীয়া আদি ৷
উৎপাদিত পাচলিসমূহ মাছখোৱা বজাৰৰ উপৰিও ধেমাজি বজাৰত বিক্ৰী কৰে ৷ অৱশ্যে বাহিৰৰ জিলাৰ পৰা অহা যথেষ্ট সংখ্যক পাচলিয়ে বজাৰ দখল কৰা বাবে জৈৱিক পদ্ধতিৰে খেতি কৰা থলুৱা কৃষকসকলে প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় ৷ তৎস্বত্বেও লক্ষ্যৰ পৰা তিলমানো বিচলিত হোৱা নাই যুৱ কৃষকগৰাকীয়ে ৷চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা দুই এপদ সামগ্ৰী পাইছে যদিও এতিয়াও মাটি চহ কৰাৰ বাবে এখন পাৱাৰটিলা ল'ব পৰা নাই ৷
ইফালে ঘৰৰ নিজা খেতি মাটি নথকা প্ৰণৱ দত্তই খেতি মাটি বিচাৰি হাহাকাৰ কৰিছিল ৷ এনে সময়তে গাঁৱৰ হাইস্কুলখন একত্ৰীকৰণ কৰাৰ পৰিপ্ৰেক্ষিততে বিদ্যালয়খন বন্ধ হৈ যায় ৷ ফলস্বৰূপে বিদ্যালয়ৰ নামত থকা ৯ বিঘা মাটি হাবি-বননিয়ে ভৰি পৰিত্যক্ত হৈ আছিল ৷ বিদ্যালয়ৰ এই মাটিখনিতে খেতি কৰা কথা চিন্তা কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকক আৱেদন কৰিছিল ৷ বিদ্যালয়ৰ কৰ্তৃপক্ষই খেতি কৰিবলৈ অনুমতি দিয়াৰ পিছতে পিছলৈ আৰু তেওঁ ঘুৰি চোৱা নাই ৷
পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈকে বাৰীত ব্যস্ত থাকে ৷ মাজে মাজে ঘৰৰ ৰোগীয়া দেউতাকে সহায় কৰে । কেতিয়াবা নিশা টৰ্চৰ পোহৰতো বাৰীত কাম কৰে যুৱকজনে ৷ পৰিত্যক্ত বাৰীখনত দিনে-নিশাই নিজেই কোৰ-কটাৰি মাৰি সেউজীয়া কৰি তুলিলে ৷ এতিয়া বাৰীত বিধে বিধে পাচলি ৷ পাচলিত গৰু গোবৰ, ছাগলী গোবৰ, খলিহৈ প্ৰয়োগ কৰি আহিছে ৷ সেয়ে তেওঁ পাচলি দেখাত সুন্দৰ নহলেও অতিশয় সোৱাদযুক্ত আৰু স্বাস্থ্যৰ বাবে হানিকাৰক নহয় ৷
লগতে পঢ়ক:নিয়তিৰ পৰিহাস ! বাটেৰে গৈ থাকোতে বৰ মৌৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ