জোনাই ১৪ অক্টোবৰ:"মন কৰিলে ছন, বাকৰি মাটিতে ধন" বুলি অসমীয়াত আছে এষাৰ কথা । এই কথাষাৰকে সাৰোগত কৰি জোনাইৰ এজন শিক্ষিত নিৱনুৱা যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লব(Agricultural revolution in Jonai) । যি সময়ত কর্মসংস্থাপনৰ সন্ধানত অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অথবা এটা চৰকাৰী চাকৰি বিছাৰি হাহাকাৰ কৰি জীৱন-জীৱিকাৰ সন্ধানত হতাশ হৈ পৰাৰ সময়তে জোনাইৰ এজন শিক্ষিত তথা যুৱ কৃষকে কৃষি কৰ্ম আৰু উৎপাদনমুখী চিন্তাৰে বহু নিবনুৱাক দেখুৱাইছে স্বাৱলম্বী হোৱাৰ এক সোণোৱালী পথ(Youth agricultural work in Jonai) ।
চৰকাৰী চাকৰি অথবা চৰকাৰী অনুদানৰ প্ৰতি পিঠি দি জোনাইৰ পুৰণা জেলম গাঁৱৰ বিনেশ পাতিৰ নামৰ এজন শিক্ষিত নিৱনুৱা যুৱকে গাঁঠিৰ ধন ভাঙি অসম অৰুণাচল সীমান্তৰ চিলে নৈৰ পাৰত চহ কৰি তিল, মাকৈ, ৰহৰ দাইল, শিমলু আলু, মাটি মাহ, সৰিয়হৰ আদি খেতি কৰি সক্ষম হৈছে নিজকে স্বাৱলম্বী হ'বলৈ । উদ্যমী যুৱক বিনেশ পাতিৰে পুৰণা জেলম গাঁৱৰ অসম-অৰুণাচল সীমান্তৰ চিলে নৈৰ পাৰত প্ৰায় ৩০-৩২ বিঘা ভূমিত তিল খেতি কৰি নিৰৱে কৰিছে এক সেউজ বিপ্লৱৰ সূচনা ।