অসম

assam

ETV Bharat / state

কংগ্ৰেছ আৰু এআইইউডিএফক জৰাসন্ধৰ লগত তুলনা অতুল বৰাৰ - agp president atul bora

আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ এআইইউডিএফৰ লগত মিত্ৰতা কৰিছে কংগ্ৰেছ দলে । এআইইউডিএফৰে মিত্ৰতাক লৈ এতিয়া বিতৰ্কৰ সন্মুখীন হৈছে কংগ্ৰেছ দল । দেওবাৰে অগপৰ জাতীয় ঐক্য সমাৰোহত দল দুটাক সমালোচনা কৰে অগপ সভাপতি অতুল বৰাই ৷

agp criticize
কংগ্ৰেছ আৰু এআইইউডিএফক জৰাখণ্ডৰ লগত তুলনা অতুল বৰাৰ

By

Published : Nov 30, 2020, 9:04 AM IST

Updated : Nov 30, 2020, 11:32 AM IST

ধেমাজি, 30 নৱেম্বৰ : ‘‘কংগ্ৰেছৰ লগত এআইইউডিএফৰ বুজা পৰা মানে অসমীয়া সমাজক বিভক্ত কৰা ৷ সেয়ে কংগ্ৰেছ আৰু এআইইউডিএফক নিধন কৰিব লাগিব’’ ৷ এই মন্তব্য অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ অগপৰ ধেমাজি আৰু জোনাই বিধান পৰিষদৰ উদ্যোগত দেওবাৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ চৌহদত অনুষ্ঠিত হয় জাতীয় ঐক্য সমাৰোহ ৷ এই সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ আৰু এআইইউডিএফক জৰাসন্ধৰ লগত তুলনা কৰি এই কথা উল্লেখ কৰে ৷

কংগ্ৰেছ আৰু এআইইউডিএফক জৰাখণ্ডৰ লগত তুলনা অতুল বৰাৰ

অতুল বৰাই লগতে পোৱা নোপোৱাৰ স্বাৰ্থ আৰু বেদনা পৰিহাৰ কৰি জাতীয় স্বাৰ্থত তথা খিলঞ্জীয়াৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়িবলৈ আহ্বান জনায় ৷ জাতীয় ঐক্য সমাৰোহত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, অগপৰ কেন্দ্ৰীয় নেতা ড৹ পৰমানন্দ সোণোৱালৰ উপৰি বিভিন্ন জিলাৰ প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থাকে ৷

আনহাতে অতুল বৰাৰ ভাষণ সমাপ্ত হোৱাৰ পাচতেই তৃণমূল কৰ্মীসকলে মঞ্চৰ সন্মুখলৈ আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ তৃণমূল কৰ্মীসকলে কেন্দ্ৰীয় নেতৃবৃন্দক ধেমাজিত এইবাৰ হাতী লাগিবই বুলি দাবী জনায় ৷ অন্যথা কৰ্মীসকলে দলত্যাগ কৰাৰ হুংকাৰ দিয়ে ৷ অৱশেষত কেন্দ্ৰীয় নেতৃত্বই আশ্বাস দিয়াতহে শান্ত হয় কৰ্মীসকল ৷

লগতে পঢ়ক : অসমে লাভ কৰিলে শ্ৰেষ্ঠ মৎস‍্য উৎপাদনকাৰী ৰাজ্যৰ সন্মান

Last Updated : Nov 30, 2020, 11:32 AM IST

ABOUT THE AUTHOR

...view details