জোনাইত অংগনবাড়ী কৰ্মী, সহায়িকাৰ ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস পালন - জোনাই
সমগ্ৰ ৰাইজৰ লগতে বুধবাৰে জোনাইত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস কাৰ্যসূচী ৷ এই সমদলত মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু জোনাইৰ মহকুমাধিপতিয়ে অংশগ্ৰহণ কৰে ৷
জোনাই, ৪ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাইজৰ লগতে বুধবাৰে জোনাইত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস কাৰ্যসূচী | জোনাইৰ মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস | কাৰ্যসূচীত প্ৰকল্পটোৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক অংগণবাড়ী কৰ্মী আৰু সহায়িকাই মুৰ্কংচেলেক অংগণবাড়ী কেন্দ্ৰৰ পৰা পুষ্টিহীনতা মুক্ত কৰক, বাল্যবিবাহ বন্ধ কৰক, সুস্থ সবল এখন ভাৰত গঢ়ক আদি বিভিন্ন শ্ল'গান দি সমদল কৰে ৷ ইপিনে এই সমদলত মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু জোনাইৰ মহকুমাধিপতিয়ে অংশগ্ৰহণ কৰে |