জোনাই, ২৯ ডিচেম্বৰ :অসম চৰকাৰৰ অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প আঁচনিৰ (AgriBusiness and Rural Transformation Project) অধীনত বৃহস্পতিবাৰে ৩৮ কোটি ৬৭ লাখ টকা ধাৰ্যকৃত পুঁজিৰে চিমেন চাপৰিত নিৰ্মাণ হ'বলগা কৃষি উন্নয়ন বিষয়া কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (ADO Office Foundation stone laid at Simen Chapori) কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা (MP Pradan Baruah) আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে (Jonai MLA Bhuban Pegu) ।
মাঙ্গলিক কাৰ্যসূচীৰে আধাৰশিলা স্থাপন কৰাৰ পাছত অনুষ্ঠিত ৰাজহুৱা সভাত বক্তব্য ৰাখি জোনাইৰ বিধায়ক ভূবন পেগুৱে কয় যে পূৰ্বৰ কোনো এখন চৰকাৰে কৃষকৰ কল্যাণৰ বাবে সৰ্বাধিক গুৰুত্ব দিয়া নাছিল (Assam Agriculture Development Officers office) । আগতে কৃষকসকলে মৰণা মাৰি থোৱা ধান কুইণ্টলত মাত্ৰ আঠশ, এহেজাৰ খুব বেছি ১২০০ টকাত বিক্ৰী কৰিবলগা হৈছিল বুলি উল্লেখ কৰি এবিঘাত আঠ কুইণ্টল ধান উৎপাদন কৰিলে মাত্ৰ ৮ হাজাৰ টকাহে কৃষকে লাভ কৰিব পাৰিছিল বুলি তেওঁ কয় ।
কিন্তু এইখন চৰকাৰে পোন প্ৰথমবাৰৰ বাবে কৃষকৰ উৎপাদিত ধান প্ৰতি কুইণ্টলত ২০৪০ টকাকৈ কিনি কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি বক্তব্য ৰাখে । বৰ্তমানৰ চৰকাৰে কৃষকৰ সমস্যা দূৰ কৰিবলৈ কৃষি বিভাগৰ ভগ্নাৱশেষ হৈ যোৱা কাৰ্যালয়সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ লৈছে, যাতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে কাৰ্যালয়ত বহি কৃষকৰ সমস্যাৰ সমাধান কৰিবলৈ সুযোগ পায় বুলি তেওঁ ভাষণ প্ৰসংগত কয় । তেওঁ লগতে কয় যে আমাৰ পথাৰবোৰ পাঁচমাহ ধৰি উদং হৈ পৰি আছে ।
ডিচেম্বৰৰ পৰা এপ্ৰিললৈকে পথাৰ উদং হৈ থকা জাতিৰ উন্নতি কেনেকৈ সম্ভৱ হ'ব বুলি মন্তব্য কৰি তেওঁ কয়, কোনোবাই বৰোধান বা আন কিবা খেতি কৰিবলৈ ল'লেও এতিয়া গৰু, ম'হ মেলি দিয়াৰ বাবে জগৰ লাগে । উদঙীয়া গৰু-ম'হৰ উৎপাতত আগ্ৰহী কৃষকেও খেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰে । সেয়ে এনে পৰিস্থিতি নাইকিয়া কৰিব লাগিব বুলি তেওঁ ভাষণ প্ৰসংগত কয় । অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই কয় যে চিমেন চাপৰিবাসীৰ বাবে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন ।