অসম

assam

জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

By

Published : Nov 5, 2020, 9:58 AM IST

এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ল’ব নোৱাৰিব উৎকোচ । আধাৰ অপাৰেটৰে উৎকোচ বিচাৰিলে কৰিব পাৰিব অভিযোগ । সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰস্তুত কৰিব পাৰিব আধাৰ কাৰ্ড।

ADHAR CARD SCAM AT JONAI
জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

জোনাই,5 নৱেম্বৰ :ৰাজ্য চৰকাৰে আধাৰ বনোৱাৰ নামত সাধাৰণ ৰাইজৰ পৰা উৎকোচ লোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ মাজতে জোনাই আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰাৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জোনাই মহকুমাৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন কাৰ্যালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰৰ আধাৰ কাৰ্ড প্ৰস্তুতত নিয়োজিত ললাদ গাঁৱৰ কৃষ্ণ কান্ত টাই আৰু ৰৱীন পেগুৱে আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰ পূৰণৰ নামত হিতাধিকাৰীৰ পৰা ৩০০-৪০০ টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগত জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৱে লেকু গাৱঁৰ বহুকেইজন লোকৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে দুয়োগৰাকীৰ পৰা ১৯০০ টকা উদ্ধাৰ কৰে ৷

জোনাইত আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত ধন সংগ্ৰহ কৰা দুজনক আটক

উল্লেখযোগ্য যে, ধেমাজি জিলাৰ জোনাই মহকুমাত কেৱল মুৰ্কংচেলেক খণ্ড উন্নয়ন কাৰ্যালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰতেই নহয় জোনাই মহকুমাৰ প্ৰায়বোৰ আধাৰ কেন্দ্ৰতে আধাৰ কাৰ্ড বনোৱাৰ নামত একাংশ সুবিধাবাদী লোকে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ত নামি পৰিছে ৷ সাধাৰণ গঞাৰ অজ্ঞানতাৰ সুযোগ লৈ আধাৰ কাৰ্ড বনাই দিয়াৰ নামত প্ৰতি জনৰ পৰা ৩০০ৰ পৰা ১০০০ টকালৈ লোৱা বুলিও ৰাইজে অভিযোগ কৰিছে ৷ এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হোৱা সাধাৰণ ৰাইজে প্ৰধান মন্ত্ৰী আৱাস যোজনা আৰু আৰু সুলভ মুল্যৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড সংযোগ নকৰিলে ঘৰ নাপাব আৰু ৰেচন কাৰ্ডসমুহ অতিশীঘ্ৰে বাতিল হৈ যাব বুলি হাবাথুৰি খাবলগীয়া হৈছে ৷

লগতে পঢ়ক:৪ দিনীয়া ভ্ৰমণসূচীৰে বড়োভূমিত ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details