অসম

assam

ETV Bharat / state

ধেমাজিৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতত হাজিৰ অভিযুক্ত ফকৰুল ইছলামক - দুৰ্নীতি নিবাৰণ শাখা

বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে জোনাইৰ বন সংৰক্ষক ফকৰুল ইছলামক,ধেমাজিৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতত হাজিৰ কৰায় ৷

as_dmj_01_jonai _Ranger_vis+photu_as10021
as_dmj_01_jonai _Ranger_vis+photu_as10021

By

Published : Jun 19, 2020, 5:49 PM IST

ধেমাজি, 19 জুনঃজোনাইৰ সঞ্জীৱ দাস নামৰ এগৰাকী কাঠ ব্যৱসায়ীৰ পৰা কাঠ সৰবৰাহ কৰা ট্ৰাক এৰি দিয়াৰ বাবদ 55 হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগত, বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে জোনাইৰ বন সংৰক্ষক ফকৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল ৷ অভিযুক্ত ফকৰুল ইছলাম শুকুৰবাৰে ধেমাজি সদৰ আৰক্ষী চকীলৈ আনে আৰু তাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি,ধেমাজিৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতত হাজিৰ কৰায় ৷ পৰৱৰ্তী সময়ত অভিযুক্ত বন বিষয়াগৰাকীক গুৱাহাটীলৈ নিব দুৰ্নীতি নিবাৰক শাখাৰ দলে ৷

ধেমাজিৰ জিলা ও সত্ৰ ন্যয়াধীশ আদালতত হাজিৰ অভিযুক্ত ফকৰুল ইছলামক

আনহাতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ধেমাজিৰ ডি এফ অ' চফিকুৰ ৰহমানৰ কাৰ্যালয় আৰু চৰকাৰী আবাসতো বৃহস্পতিবাৰে আবেলি তীব্ৰ অভিযান চলায় ৷

লগতে পঢ়কঃউৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব বন সংৰক্ষক

ABOUT THE AUTHOR

...view details