জোনাই, ১১ জুন: দুদিনৰ পূৰ্বে ধেমাজি জিলাৰ চিলাপথাৰ অমৃতপুৰৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে যৌতুক দাবীৰ এক গোচৰ চিলাপথাৰ থানাত ৰুজু কৰিছিল ৷ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে কেৱল যৌতুকৰ দাবীয়েই নহয় তেওঁক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ সেই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰিও প্ৰচাৰ হৈছিল ৷
ইয়াৰ পিচতে এতিয়া ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিযুক্ত স্বামী ৰঞ্জন মজুমদাৰে ৷ তেওঁ কয় যে, যৌতুক দাবী কৰা বুলি প্ৰকাশ পোৱা বাতৰিটোৰ সকলো তথ্যই ভুল ৷ কাৰণ তেওঁ কোনোদিন যৌতুক দাবী কৰা নাছিল বৰঞ্চ তেওঁৰ ওপৰতহে তেওঁৰ পত্নী আৰু পত্নীৰ পৰিয়ালে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছে ৷ পত্নীয়ে অভিযোগ কৰাৰ দৰে তেওঁ গাড়ীখন তথা মটৰচাইকেলখন পত্নীৰ পৰিয়ালে দিয়া নাই তেওঁ নিজে বেংকৰ ঋণ লৈ লৈছে আৰু তাৰ কিস্তি এতিয়াও তেওঁ পৰিশোধ কৰি আছে ৷
তেওঁ জানিবলৈ দিয়ে যে, বিয়াৰ পিচত তেওঁৰ উপাৰ্জনৰ সমস্ত ধন খৰচ কৰি পত্নীক বিজ্ঞানৰ স্নাতক, আইনৰ স্নাতক, ডি ফাৰ্ম, ডি এল এড আদি পঢ়াই যোগ্য কৰি তুলিলে ৷ এতিয়া তেওঁৰ ওপৰত মিছা মনেসজা কিছুমান অভিযোগ আনি তেওঁৰ পৰা আঁতৰি যাব খুজিছে ৷ তেওঁৰ পত্নীয়ে পিতৃ-মাতৃৰ লগ লাগি বিবাহৰ নামত ব্যৱসায় চলাইছে ৷