অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে ধেমাজিত আটাছুৰ প্ৰতিবাদ - অৱস্থান ধৰ্মঘট

বুধবাৰে ধেমাজি সদৰত টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰায় 2 শতাধিক সদস্যই জনজাতিকৰণৰ লগতে,ভিন্ন দাবী উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধেমাজিত আটাছুৰ প্ৰতিবাদ
ধেমাজিত আটাছুৰ প্ৰতিবাদ

By

Published : Oct 7, 2020, 5:04 PM IST

ধেমাজি,7 অক্টোবৰ: টাই-আহোম জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ লগতে ধেমাজি জিলাৰ উন্মুক্ত মথাউৰিসমূহ বিজ্ঞানসন্মভাৱে নিৰ্মাণ কৰাৰ দাবীৰে বুধবাৰে ধেমাজি সদৰত আটাছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আটাছুৰ দুই শতাধিক প্ৰতিবাদীয়ে বুধবাৰে ভিন্ন দাবী আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

জনজাতিকৰণৰ দাবীৰে ধেমাজিত আটাছুৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই-আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে,চৰকাৰখনৰ জনপ্ৰতিনিধিসকলক তীব্ৰ সমালোচনা কৰে ৷ এগৰাকী সাংসদ আৰু বিধায়ক থকা স্বত্বেও তেওঁলোকে ৰাইজৰ ভিন্ন সমস্যা সমাধানত ব্যৰ্থ বুলি অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে ৷ তেওঁলোকৰ দাবী, ২১ৰ নিৰ্বাচনৰ পূৰ্বে টাই-আহোমে ধৰি 6 জনগোষ্ঠীক যেন জনজাতিকৰণ কৰে ৷

লগতে পঢ়ক:অৰুণোদয় আঁচনিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details